অসমগুৱাহাটীশীৰ্ষ

শিক্ষা বিষয়ক লৈ তোলপাৰ বিধানসভা

নিউজ ডেস্ক, প্ৰথম খবৰঃ অসমৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি বিধায়ক-মন্ত্ৰী সকলৰ মাজত শুকুৰবাৰে সদনত সৃষ্টি হয় তুমুল বাক-বিতণ্ডৰ৷ এখন বিদ্যালয়ৰ ৩১ জন ছাত্ৰৰ ভিতৰত ২০ জনে নিজৰ নাম লিখিব নোৱাৰাৰ প্ৰসংগ উল্লেখ কৰি বিধায়ক ফনীভূষণ চৌধুৰীয়ে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাজ্যত ১৪ জন শিক্ষাৰ্থীৰ বিপৰীতে এজনকৈ শিক্ষক থকাৰ কথা উত্থাপন হয় সদনত৷

ইফালে আৰবী ভাষাৰ শিক্ষকক লৈ ৰকিবুল হুছেইন আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ৷ সদনত আৰবী ভাষাৰ শিক্ষকৰ প্ৰসংগ উত্থাপন হোৱাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰবত অসমীয়া ভাষা পঢ়োৱাৰ কথা ৰিজোৱাত ৰকিবুল হুছেইনে ইংলেণ্ডত অসমীয়া ভাষা পঢ়ায় নেকি বুলি কৈ শিক্ষামন্ত্ৰীগৰাকীক উভতি ধৰে৷ সদনত ৰকিবুলৰ প্ৰত্যুত্তৰত ১০ জনকৈ আৰবীৰ ছাত্ৰ থকা স্কুলত শিক্ষক নিযুক্তিৰ কথা অস্বীকাৰ কৰি আৰবী শিক্ষাৰ নামত অযথা খৰচ কৰি থকাৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে৷

শুকুৰবাৰে বিধানসভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাৰ্থীসকলক ইউনিফৰ্মৰ বাবত ৮০০ টকাকৈ অভিভাৱকৰ একাউণ্টত সুমুৱাই দিয়াৰ কথা উল্লেখ কৰাৰ লগতে শেহতীয়াকৈ ওলোৱা ভুৱা পি এইছ ডিগ্ৰী সন্দৰ্ভতো মন্তব্য আগবঢ়ায়৷ ভুৱা পি এইছ ডি ডিগ্ৰী সন্দৰ্ভত আগবঢ়োৱা এই মন্তৱ্যত কেন্দ্ৰীয় আৰু অসমৰ বিশ্ববিদ্যালয়ৰ বাহিৰে আন বিশ্ববিদ্যালয়ৰ পৰা এই ডিগ্ৰী লাভ কৰা ডিগ্ৰীধাৰীসকলক স্ক্ৰুটিনীৰ বাবে মতাৰ কথা উল্লেখ কৰে আৰু মগধ-বিনায়ক বিশ্ববিদ্যালয়ৰ পি এইছ ডি ডিগ্ৰীৰে চাকৰি পোৱাটো অস্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close