অসমশীৰ্ষ

শিৱসাগৰত আধাৰ কাৰ্ডৰ নামত কলিকতীয়া প্ৰতিষ্ঠানৰ লুণ্ঠন, আধাৰ কাৰ্ডৰ নামত অবাধে সংগ্ৰহ কৰিছে ধন

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত আধাৰ কাৰ্ডৰ নামত কলিকতীয়া প্ৰতিষ্ঠানৰ লুণ্ঠন।বিনামূলীয়াভাৱে প্ৰদান কৰিব লগা আধাৰ কাৰ্ডৰ নামত অবাধে সংগ্ৰহ কৰিছে ধন।।আধাৰ ফৰ্ম আৰু কাৰ্ডৰ নামত লুণ্ঠনৰ মুকলি বজাৰ পাতি প্ৰতিজন নাগৰিকৰ পৰা সংগ্ৰহ কৰিছে ১২০ টকাকৈ।

জিলাখনৰ ১০ লাখ জনসাধাৰণৰ পৰা কোটি টকা লুণ্ঠনৰ ফন্দি। শিৱসাগৰত আধাৰ কাৰ্ডৰ নামত সংঘটিত হৈছে ভয়াবহ কেলেংকাৰী। এই কেলেংকাৰীৰ খলনায়ক আধাৰ কাৰ্ডৰ ৰেটিনা আৰু হাতৰ চাপ সংগ্ৰহ কৰা কলিকটীয়া প্ৰতিষ্ঠান। চৰকাৰীভাৱে আধাৰ কাৰ্ড সম্পূৰ্ণ বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব বুলি কৰা ঘোষণাক কলকতাৰ জেফিয়াৰ, eagle life, utility company আদিকে ধৰি বহু কেইটা প্ৰতিষ্ঠানে প্রদর্শন কৰিছে বুঢ়া আঙুলি।

প্ৰতিষ্ঠান কেইটাই আধাৰ কাৰ্ড প্ৰদান কৰাৰ নামত প্ৰতিখন ফৰ্মৰ নামত সৰ্বসাধাৰণক আভুৱা ভৰি ১২০ টকা পৰ্যন্ত অবৈধভাৱে সংগ্ৰহ কৰিছে। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দেনা বেংকত থকা জেফিয়াৰ নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মীয়ে সাংবাদিকৰ সমুখত স্বীকাৰ কৰিলে আধাৰ কাৰ্ডৰ নামত যে তেওঁলোকে ধন সংগ্ৰহ কৰা বিষয়ো সম্পৰ্কে। কেন্দ্ৰৰ চুপাৰভাইছাৰ বৰষা গগৈয়েও বৰ্তমান তেওঁলোকে এই ধন সংগ্ৰহ অভিযান বন্ধ কৰিছে বুলি প্ৰকাশ কৰিছে। কিন্তু প্ৰতাৰিত লোকে প্ৰতিষ্ঠানটোৰ মিথ্যাচাৰ উদঙাই আধাৰ কাৰ্ডৰ বাবে পইচা লোৱাৰ বিষয়ে সত্য অভিযোগেৰে শিৱসাগৰ নগৰৰ অ’ এন জি চি কলনীত থকা ভাৰতীয় ষ্টেট বেংকতো এনে কাৰ্য্যৰে ধন সংগ্ৰহ কৰাৰ বিষয়টো পোহৰলৈ আহিছে। এই আধাৰ চেণ্টাৰটো আধাৰাৰ নামত সৰ্বসাধাৰণক দিন দুপৰতে চলোৱা লুণ্ঠনৰ জৰিয়তে শিৱসাগৰত কলকতীয়া প্ৰতিষ্ঠান কেইটাই জিলাখনৰ প্রায় ১০ লাখ জনসাধাৰণক এই দৰে প্ৰতাৰিত কৰি কম সময়তে কোটি টকা লুণ্ঠনৰ জাল পাতিছে। এই সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰোৱা হৈছে যদিও কিন্তু প্ৰশাসনে এই লুণ্ঠনৰাজ বন্ধ আশ্বাস দিয়াৰ বাদে লোৱা নাই কোনো ব্যৱস্থা। আধাৰৰ নামত চলি থকা এই দিন ডকাইতিক শীঘ্ৰে যদি নাকী লগোৱা নহয় তেন্তে শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যৰ জনতাক কলকতীয়া ধুৰন্ধৰ প্ৰতিষ্ঠান কেইটাই লুটি পুতি খাব সেই কথা নিশ্চিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close