অসম

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত থাইলেণ্ড, ভিয়েটনামকে ধৰি বহুকেইখন দেশৰ গবেষকৰ অংশ গ্ৰহণ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ দক্ষিণ দিশত অৱস্থিত আগশাৰী উচ্চ শিক্ষানুষ্ঠান জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত সোমবাৰৰপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে “দক্ষিণ পূৱ এছিয়া আৰু উত্তৰ পূৱ ভাৰতৰ সাংস্কৃতিক সমন্বয়” শীৰ্ষক এক আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ।

থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, লাওচ, ম্যানমাৰ প্ৰমূখ্যে দক্ষিণ পূৱ এচিয়াৰ কেইবাখনো দেশৰ গবেষকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰখন বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে থাইলেণ্ডৰ পায়াপ বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ৰত্নাপৰ্ণ চেথাকুলে।

উদ্বোধনী ভাষণত প্ৰফেছৰ চেথাকুলে দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ লগত ভাৰতৰ উত্তৰ পূৱ অংশৰ সাংস্কৃতিক আৰু সামাজিক দিশত থাইলেণ্ডৰসৈতে বহুখিনি সাদৃশ্য থকাৰ লগতে সাংস্কৃতিক আৰু সামাজিকভাৱে বহুখিনি উন্নত বুলি ভাষণত উল্লেখ কৰে।

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মানজিৎ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মূল ভাষণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বীৰ প্ৰধ্যাপক ড০ পাৰমিতা দাসে। আলোচনাচক্ৰ খনৰ যুটীয়া সম্পাদক আকাশজ্যোতি শইকীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত থাইলেণ্ডৰ চিয়াংমাই বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ পেট্ৰিচিয়া চিজমেন, বেংকক শিল্পাকৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক চিৰাপেট প্ৰপণ্ডবিদ্যা, ড৹ ইউ-টেইন ওৱংগস্থিত, ড৹ কাঙ্গভল খাস্থিমা, শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ তত্ব বিভাগৰ অধ্যাপক ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয় উন্নয়ন পৰিষদৰ ড৹ ৰূপম শইকীয়া, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মুনীন্দ্ৰ কোঁৱৰ, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ কে.চি.দাস, বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড৹ সংগীতা গগৈ প্ৰমূখ্যে বহুকেইজন বিশিষ্ট গবেষক উপস্থিত থাকি অনুষ্ঠান অতি গাম্ভীয্যপূৰ্ণ কৰি তোলে।

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ গান্ধী অধ্যয়ন কেন্দ্ৰ, অসম কলেজ অধ্যক্ষ পৰিষদ, কৃষক ন্যাস আৰু মৰাণ টাই অধ্যয়ন আৰু গবেষণা কেন্দ্ৰৰ সহযোগত আয়োজিত উক্ত আলোচনাচক্ৰ খনিত মুঠ ১২ টা বিষয়ত ২০০ৰো অধিক গবেষকে যোগদান কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close