অসম

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ৮৯ ৰ সতীৰ্থ সন্মিলন সম্পন্ন

প্ৰথম খবৰ, শিৱসাগৰ: ঐতিহাসিক শিৱসাগৰ জিলাত ১৮৪০ চনত স্থাপিত হোৱা একমাত্ৰ শৈক্ষিক জ্ঞান আহৰণৰ প্ৰাণকেন্দ্ৰস্বৰূপ তথা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান “শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়” যৰ পৰাই সপোনৰ পোখা মেলি একো একোটি জীৱনে সোণোৱালী স্বপ্ন বাস্তৱ গতি দিয়ে বিচিত্ৰ পৃথিৱীখনত। কৰ্মময় জীৱন পৰিক্ৰমাত নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ হাইস্কুলীয়া অৱস্থাৰ অনাবিল আনন্দখিনিক হয়তো প্ৰতিজনে হৃদয়ৰ কোনোবা কোণত সজত্নে ৰাখিবলৈ বাধ্য। তাৰ উকমুকনিতে ১৯৮৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সহপাঠীসকল বিদ্যালয়খনত মিলিত হৈ তাৰেই বহিঃ প্ৰকাশ সোমবাৰে “সতীৰ্থ মিলন ১৯৮৯” শীৰ্ষক সন্মিলনখনিৰ সুন্দৰ অনুষ্ঠানে শুভ্ৰমজ্যোতি বৰকটকী আৰু বকুল বিজয় চুতীয়াই আঁত ধৰা সতীৰ্থ সন্মিলনৰ আদৰণি ভাষণ প্ৰদান কৰে ড০ সব্যসাচি মহন্তই।

অনুষ্ঠানত সেই সময়ৰ প্ৰায় সংখ্যক শিক্ষক উপস্থিত থকা সন্মিলনত ১৯৮৯ বৰ্ষৰ ছাত্ৰ সকলে শিক্ষাগুৰু সকলক সম্বন্ধনা জনোৱাৰ লগতে গুৰুৰ পৰা শিষ্যই আশীৰ্বাদ লয়। আশীৰ্বাদ এটা অতি মনোৰম মন জুৰপৰা শব্দ। আদিৰ পৰম্পৰাগত প্ৰথাত বিশেষ উদ্দেশ্যে গুৰুৱে শিষ্যক, শিক্ষকে ছাত্ৰক, জেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়াটো পৰম্পৰাগত গতানুগতিক প্ৰদ্ধতি, ই ভৱিষ্যতেওঁ অব্যাহত থাকিব।

আজি শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ১৯৮৯ বৰ্ষ ছাত্ৰ সতীৰ্থ সন্মিলনত গুৰু শিষ্যৰ মধুৰ মিলন এই আলাপ অনুষ্ঠানে বিদ্যালয় চৌহদ এক মহামিলন তীৰ্থত পৰিণত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি ৰূমন্ঠনৰ প্ৰয়াসেৰে সতীৰ্থ জীৱন পঞ্জী প্ৰস্তুত কৰি উলিয়াই।

অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় সংখ্যক অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক উপস্থিত থাকে। আজি সন্ধ্যালৈ অ এন জি চি শিবসাগৰ প্ৰেক্ষাগৃহত সন্মিলনৰ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close