অসম

শিৱসাগৰ জিলা ভিত্তিত পৰম্পৰাগত ক্ৰীড়া সমৰোহ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অহা ৫ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত জিলা ভিত্তিত অসমৰ পৰম্পৰাগত খেল ধেমালীসমূহ জীয়াই ৰখাৰ মানসেৰে এখনি কৰ্মশালা আয়োজন কৰিছে। তেল লগোৱা খুটাত বগোৱা, পৌৰাণিক মল্লযুঁজ, চকুবান্ধি কলহ ভঙা আদি বলুপ্তি হ’ব ধৰা খেলসমূহত জিলাখনৰ ইচ্ছুক অংশগ্ৰহণকাৰী সকলক অংশগ্ৰহণৰ বাবে চহৰৰ ব’ৰ্ডিং খেলপথাৰত ৫ এপ্ৰিলৰ পূৱা ৯.৩০ বজাত উপস্থিত হ’বলৈ আহ্বান জনাই জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈ যোগে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে। আনহাতে বিষয়টো সম্পৰ্কে আগতীয়াকৈ জানিবৰ বাবে ৮৬৩৮০৬৬৭৮৭,৯৭০৬২৩৮০৬৮,৯১২৭০২৩৫৩১ যোগে জানিব পাৰিব বুলি জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close