অসমশীৰ্ষ

শোনিতপুৰৰ গৰৈমাৰিত লোমহৰ্ষক হত্যাকাণ্ড,ভাতৃৰ হাতত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ :
গৰৈমাৰীস্থিত SSB কেম্পত গুৱাহাটীৰ পৰা শ্ৰমিক হিচাপে কাম কৰিব অহা চাকিল অালি নামৰ ব্যক্তিজনক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে নিজ ভাতৃ চলমান অালিয়ে। অান কেইবাজনো শ্ৰমিকৰ সৈতে লোককেইজন গৰৈমাৰীৰ অাহোমগাওত এটা কেম্প বনায় অাছিল।নিশা কিবা কথাত চলমান অালি অাৰু চাকিল অালিৰ মাজত কাজিয়া লগাত চলমান অালিয়ে এখন কুঠাৰেৰে ঘপিয়াই হত্যা কৰে চাকিল অালিক।অানহাতে ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী চলমান অালি পলায় যায়।ইতিমধ্যে শালনিবাৰী অাৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ তদন্ত অাৰম্ভ কৰিছে।উল্লেখ্য যে অাটাই কেইজন শ্ৰমিক গুৱাহাটিৰ পৰা গৰৈমাৰী SSB কেম্পত শ্ৰমিক হিচাপে কাম কৰিব অাহিছিল।

 

Related Articles

Leave a Reply

Close