অসম

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ, মাজুলী জিলা সমিতিৰ দ্বাৰা পহিলা ব’হাগ উদযাপন

মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ: অসমৰ অন্যতম সমাজসেৱী সংগঠন শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ মাজুলী জিলা সমিতিৰ পৰা বাপতি সাহোন ৰঙালী বিহুটিৰ পহিলা দিনটো উদযাপন কৰা হয়।

দিনটোৰ অন্যতম বিশেষ কাৰ্যসূচী হিচাপে মাজুলীৰ বেঙেনাআটী গাঁৱৰ শ্ৰীযুত মোহন চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়। মোহন চন্দ্ৰ দাসে ইতিমধ্যে নিজ হাতে তাঁতশালত বৈ উলিয়াইছে ‘ চিত্ৰ-ভাগৱত’। য’ত সন্নিৱিষ্ট কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাৱতাৰৰ পৰা মহাৰাস লীলালৈকে সচিত্ৰ দৃশ্যাৱলী।

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুগামী মোহন চন্দ্ৰ দাসৰ দ্বাৰা বয়ন শিল্পৰে নিৰ্মিত চিত্ৰ-ভাগৱত’ কেৱল অসমৰে নহয় বৰং সৰ্ব ভাৰতীয় প্ৰেক্ষাপটতো অতি বিৰল ঘটনা হিচাপে গণ্য কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা নিৰ্মিত বৃন্দাবনী বস্ত্ৰৰ পৰৱৰ্তীকালত মাজুলীৰ পৰা মোহন চন্দ্ৰ দাসৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি জিলা সমিতিখনৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়।

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ মাজুলী জিলা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী ন-বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী অতুল মহন্তই মোহন চন্দ্ৰ দাসক এখনি চেলেং চাদৰে আদৰণি জনোৱাৰ পিছত যুৱমঞ্চ উপসভাপতি তথা শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী উৎপল মহন্তই এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়ায়। যুৱমঞ্চৰ জিলা সম্পাদক তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, ‘মাজুলীত কবিতা’ আলোচনীৰ সম্পাদক শ্ৰী জয়ন্ত হাজৰিকাই এখনি ফুলাম গামোচা আৰু এটি কিতাপৰ টোপোলাৰে মোহন চন্দ্ৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে। এই প্ৰসংগতে জিলা সমিতিখনৰ সভাপতি তথা সম্পাদকজনাই মোহন চন্দ্ৰ দাসৰ সন্মতি পালে বয়ন চিত্ৰ-ভাগৱতভাগী যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close