শেহতীয়া
Home / অসম / এ টি এমৰ পৰা ওলাইছে ফটা-ছিঙা নোট

এ টি এমৰ পৰা ওলাইছে ফটা-ছিঙা নোট

প্ৰথম খবৰ, ৰঙিয়া: ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাৰ এ টি এমত ধাৰাবাহিক ভাৱে ফটা ছিঙা দুই হাজাৰ টকীয়া নোট ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাটো ৰঙিয়া মহকুমাধিপতিৰ কাৰ্য্যলয় চৌহদত থকা ভাৰতীয় ষ্টেট বেংকৰ এ টি এমৰ। গ্ৰাহক সকলৰ অভিযোগ অনুসৰি ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয় সংলগ্ন এ টি এমত যোৱা দুদিন ধৰি কেইবা লক্ষ টকাৰ ফটা ছিঙা নোট ওলাই থকাত গ্ৰাহক সকলে মুৰে কপালে হাত দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি গ্ৰাহকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় ৷

এ টি এমটোৰ পৰা এনেদৰে ফটা ছিঙা নোট ওলোৱাৰ  ফলত সাধাৰণ গ্ৰাহকসকলে হাঁহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়। এ টি এমৰ পৰা ওলোৱা ফটা নোটসমূহৰ ভিতৰত অধিকাংশ দুহাজাৰ টকীয়া নোট বুলি জনা গৈছে। এই ফটা নোট সমূহ হাতত লৈ গ্ৰাহকসকলে মহা আহুকালৰ সম্মুখীন হৈছে। এই ফটা নোট সমূহ ব্যৱসায়ীসকলে ল’বলৈ সমূলি অস্বীকাৰ কৰাত বিহুৰ সময়ত বজাৰ সমাৰ কৰাত চুড়ান্ত সমস্যাৰ সন্মুখীন হৈছে ৰাইজে।

আজিও একেই ঘটনাৰ পুণৰাবৃত্তি হোৱাত ক্ষোভিত হৈ পৰে গ্ৰাহকসকল। ক্ষুব্ধ গ্ৰাহকসকলে হাতত ফটা নোটসমূহ লৈ এ টি এমটোৰ সম্মুখতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হ’বলগীয়া হয়। জানিবপৰা মতে, ৰাইটাৰ ছেফগাৰ্ড’ নামৰ বাহিৰৰ এজেঞ্চিক ষ্টেট বেংকে এ টি এমটোত টকা ভৰোৱাৰ দায়িত্ব প্ৰদান কৰিছিল। এই প্ৰতিষ্ঠানটোক এই সন্দৰ্ভত সোধাত তেওঁলোকে ৰঙিয়াৰ বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱা বুলি টুলুঙা মন্তব্য কৰি তেওঁলোকৰ দায়িত্ব সামৰে। এ টি এমৰ পৰা ফটা নোট ওলোৱা ঘটনাত একাংশ বেংক কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে গ্ৰাহকসকলে। ৰঙালী বিহুৰ প্ৰাকক্ষণত এ টি এমৰ পৰা এনেদৰে ফটা ছিঙা নোট ওলোৱা ঘটনাই সাধাৰণ গ্ৰাহকক গভীৰ দুঃচিন্তাত পেলাইছে। গ্ৰাহক সকলে এই ক্ষেত্ৰত ততালিকে ব্যৱস্থা গ্ৰহণৰ বাবে বেংক কৰ্ত্তৃপক্ষক অনুৰোধ জনাইছে নহ’লে অসমৰ বাপতি সাহোন ৰঙালী বিহু তেওঁলোকৰ বাবে কঙালীত পৰিণত হ’ব বুলি আশংকা প্ৰকাশ কৰে। অৱশ্যে অভিযোগ পোৱাৰ লগে লগে বেংক কৰ্ত্তৃপক্ষই নোট সমূহ বদলি কৰি দিয়াৰ উপৰিও এ টি এমৰ নোট সমূহ বদলি কৰি দিয়ে।

উল্লেখ্য যে, ৰঙিয়াৰ এ টি এম ত টকা ভৰোৱা কেইবাটাও এজেঞ্চিৰ বিৰুদ্ধে বহু চাঞ্চ্যলকৰ অভিযোগ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*