অসমশীৰ্ষ

সততা আৰু নিষ্ঠাৰে কাম কৰিলেহে সুফল পোৱা য়ায় বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা হাউলীত মহিন্দ্ৰা ট্ৰেক্টৰৰ ডিলাৰৰ শ্ব’ৰুম মুকলি

নিউজ ডেস্ক, প্ৰথম খবৰ :
ভাগৱতৰ এক শ্লোক মাতি কালি হাউলীত মহিন্দ্ৰা ট্ৰেক্টৰৰ ডিলাৰৰ শ্ব’ৰুম এটি মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হাউলীৰ মৌটুপৰীৰ স্মৃতিৰেখা ফেমিলি ধাবাৰ কাষত শ্ব’ৰুমটি উদ্বোধন কৰি কয় – জীৱনত সফলতা লাভ কৰিবলৈ হলে সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দৰকাৰ ৷ বক্ৰ পথেৰে কোনোবাই কিছু সফলতা লাভ কৰিলেও সেয়া স্থায়ী নহয় ৷ সেয়ে শুদ্ধ মনেৰে একাগ চিত্তে কামত নিয়োজিত হবলৈ তেখেতে সকলোককে পৰামৰ্শ আগবঢ়ায় ৷ উন্মোচনী সভাখনিত সন্মানীয় অতিথি হিচাৱে অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে কয়– বৰ্তমান যুগটোৱে হৈছে প্ৰযুক্তি বিদ্যাৰ যুগ ৷ কৃষক সকলে উৎপাদন বৃদ্ধি কৰিবলৈ কৃষি কাৰ্য্যত ট্ৰেক্টৰ ব্যৱহাৰ কৰিব লাগিব ৷ চৰকাৰেও এইক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷চলিত বৰ্ষতে বৰপেটা জিলাত ৯০০ জন কৃষকৰ মাজত ৰাজ সাহাৰ্য্য যুক্ত ট্ৰেক্টৰ বিতৰণ কৰা হব ৷ দেশৰ আগশাৰীৰ ট্ৰেক্টৰ নিৰ্মাণকাৰী কোম্পানী মাহিন্দ্ৰাই ডিলাৰটো শুভাৰম্ভ কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে ৷ সভাত বৰপেটা বিধান সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ডিলাৰটো শুভাৰম্ভ হোৱাৰ লগে লগে বৰপেটা জিলাত কৃষি যান্ত্ৰিকীকৰণৰ এটি নৱ পদক্ষেপ পৰা বুলি অভিহিত কৰে ৷ বিধায়ক গৰাকীয়ে উপস্থিত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক সকলক উৎপাদন বৃদ্ধিৰ বাবে কৃষি যান্ত্ৰিকীকৰণ কৰিবলৈ অনুৰোধ জনায় ৷ সভাত বিনোদ অটো এজেঞ্চিৰ স্বত্বাধিকাৰী কমল আগৰৱালাই কৃষিখণ্ডৰ বিকাশৰ বাবে মাহিন্দ্ৰা কোম্পানীয়ে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁলোকে আৰম্ভ কৰা ডিলাৰটোৰ জড়িয়তে কৃষক সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰে ৷ সভাত কালি উন্মোচনৰ দিনাই ট্ৰেক্টৰ ক্ৰয় কৰা চাৰিজন কৃষকক আদৰণী জনোৱা হয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close