শেহতীয়া
Home / অসম / সত্যব্ৰত মূৰ্দাবাদ, ৰঙিয়া উত্তাল

সত্যব্ৰত মূৰ্দাবাদ, ৰঙিয়া উত্তাল

নিউজ ডেস্ক প্ৰথম খবৰ : আজি বিধায়ক সত্যব্ৰত কলিতা মূৰ্দাবাদ ধ্বনিৰে উত্তাল হল ৰঙিয়া শৌলমাৰী। ৰঙিয়াৰ শৌলমাৰীত ৰঙিয়া -গোৰেশ্বৰ সংযোগী পথ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ প্ৰতিবাদত ৰাইজে পথছোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । অৱৰোধৰ ফলত আৱদ্ধ বহু যান-বাহন । ৰঙিয়া নগৰৰ আঠ নং ৱাৰ্ডৰ মাজেৰে যোৱা গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসুচি । ২০০১ চনৰ পৰা জৰাজীৰ্ণ হৈ পৰি আছে কমলপুৰ সমষ্টিৰ অন্তৰ্গত এই পথটো । বহুবাৰ ৰাইজে বিধায়ক গৰাকীক অৱগত কৰাৰ পাছতো কোনো সঁহাৰি নাই বিধায়ক সত্যব্ৰত কলিতাৰ  যাৰ বাবে ৰাইজ অতিষ্ঠ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ৰূপায়ন কৰে পথ অৱৰোধ কাৰ্যসূচী । পথৰ ওপৰতে আৱদ্ধ হৈ পৰে বহু বাহন । পৰিস্থিতি ক্ৰমান্বয়ে উত্তাল হৈ পৰে। শেষত আৰক্ষী – দণ্ডাধীশৰ উপস্থিতিত শান্ত হয় পৰিস্থিতি ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*