অসমগুৱাহাটীশীৰ্ষ

সদনত ক্ষোভ বিধায়ক ফণীভূষণ চৌধুৰীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিধানসভাত সততে নিশ্চুপ হৈ বহি থকা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বৃহস্পতিবাৰে মাত ওলাল। কুলিয়ে বহাগৰ বতৰা দিয়াৰ দৰে ফণীভূষণ চৌধুৰীয়েও নিজৰ ক্ষোভ প্ৰকট কৰিলে বিধানসভাত।

এখন বিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰি চৌধুৰীয়ে কয় যে, সেই বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ৩১জন ছাত্ৰ-ছাত্ৰীৰ ২০জনেই লিখিব নোৱাৰে নিজৰ নাম। তাৰ বাবে দায়ী কোন! শিক্ষক সকলক সময়ে সময়ে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে বিধায়কজনে।

বিধায়কজনৰ এনে মন্তব্যৰ পিছত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হֹ’ব লক্ষণীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close