অসম

সমবায় সমিতিৰ মনোনয়ন, ২২ এপ্ৰিলত নিৰ্বাচন

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: অহা ২২ এপ্ৰিল তাৰিখে অনুষ্ঠিতব্য ফকিৰাগ্ৰাম সমবায় সমিতিৰ সঞ্চালক নিৰ্বাচনৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে৷

যোৱা ১২ তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰা ৩৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱাৰ বিপৰীতে ১৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে৷ সমবায় সমিতিৰ কোকৰাঝাৰ জিলাৰ ৰিটাৰ্নিং বিসয়া মনিকান্ত বড়ো(এছ আই), সহকাৰী ৰিটাৰ্নিং বিষয়া অজিত বসুমাতাৰী, তত্বাৱধায়ক জগদিশ দত্ত, ছুপাৰ ভাইজাৰ ধনেশ্বৰ ব্ৰহ্ম আদিয়ে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰি ১৭ জনীয়া বৈধ প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰে।

সোমবাৰে মনোনয়ন প্ৰত্যাহাৰ অন্তিম দিনটোত কোনো এগৰাকী  প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰাত ১৭ গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি সদৰি কৰা হৈছে৷ বিভাগীয়ভাৱে ঘোষণা কৰা প্ৰাৰ্থীৰ ভিতৰত দীপক মজুমদাৰ, জালালুদ্দিন আহমেদ, সাহজাহান আহমেদ, গনেশ চন্দ্ৰ বৰ্মন, আবু ছিদ্দিকী, আব্দুৰ ৰহমান, গিয়াছ উদ্দিন সাদিক, মজিবৰ ৰহমান, বচ্চন আলী, ব্যইচৰন নাথ, হবিবৰ ৰহমান,নজৰুল হুচেইন, মনোৱাৰ হুচেইন, ভুলানা ভৌমিক, নূৰভানু বিবি, আনোৱাৰা বিবি আৰু ৰাজকুমাৰ ব্ৰহ্ম৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close