বিনোদন

সুবাসৰ বসন্তৰাণী প্ৰতিযোগিতা

সৌৰভজ্যোতি গোস্বামী:

বৰ্তমান সময়ৰ জনপ্ৰিয় অনলাইন আলোচনীবোৰৰ ভিতৰত সুবাস অন্যতম। এই আলোচনীখনে ২০১৮ বৰ্ষৰ আৰম্ভণীতে আয়োজন কৰিছিল ‘সুবাস কেলেণ্ডাৰ বয় এণ্ড গাৰ্ল ২০১৮’ শীৰ্ষক প্ৰতিযোগিতাৰ। উক্ত প্ৰতিযোগিতাখনৰ বিজয়ী মনালিছা হাজৰিকাই পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি মাইনা প্ৰডাকচনৰ এটি গীতত অভিনয়ৰ সুযোগ পোৱাৰ পিছত ৰাইজৰ বিপুল দাবী তথা মৰমৰ বাবে সুবাসে আয়োজন কৰিবলৈ লৈছে আন এক সৌন্দৰ্য প্ৰতিযোগিতাৰ। যাৰ নাম হৈছে ‘সুবাস বসন্তৰাণী’ প্ৰতিযোগিতা।

উক্ত প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্বত আছে জনপ্ৰিয় পৰিচালক অসীম গগৈৰ লগতে স্বনামধন্য কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰথিতযশা অভিনেত্ৰী অমৃতা গগৈ। প্ৰতিযোগীতাখনৰ কিছু বিশেষ নিয়ম অনুসৰি, প্ৰতিযোগীসকলৰ ফটোসমূহ সম্পূৰ্ণ অসমীয়া বিহু সাজত হোৱাৰ লগতে তেওঁলোকে কেৱল এখন ফটোহে প্ৰেৰণ কৰিব লাগিব। অন্যথা অযোগ্য বিবেচিত হ’ব। বয়স ১৬ ৰপৰা ২৬ৰ ভিতৰত হোৱাটো জৰুৰী। চেল্ফী নাইবা অন্য কোনোধৰণৰ ফটো গ্ৰহণ কৰা নহ’ব। ফটোবোৰ প্ৰতিযোগীয়ে নিজেই প্ৰেৰণ কৰা হ’ব লাগিব। নিয়ম তথা প্ৰতিযোগিতা সম্পৰ্কীয় অন্যান্য যাৱতীয় তথ্যৰ বাবে অংশগ্ৰহণকাৰীসকলে চাব পাৰে সুবাস ফেচবুক পেজ। আনহাতে, প্ৰতিযোগিতাৰ ফটোবোৰ প্ৰেৰণ কৰিব ৯৫৭৭৪২৮৬৯৮ আৰু ৯৭৭২২৩৬১৩৮ এই দুই হোৱাটছএপ নম্বৰত। ফটো পঠিওৱাৰ শেষ তাৰিখ হৈছে ৫ এপ্ৰিল, ২০১৮। আনহাতে, সেইদিনাই প্ৰতিযোগিতাখনো অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close