শেহতীয়া
Home / অসম /  সোণাৰিত বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ গল এজনৰ

 সোণাৰিত বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ গল এজনৰ

 

মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰি টিমনত টিংখাং উপ বিদ্যুৎ সংমণ্ডলৰ চৰম হেমাহীৰ বাবে বিদ্যুৎপৃষ্ট হৈ চন্দ্ৰশেখৰ তাচা(হৰিনাথ)নামৰ এজন যুৱকৰ মৃত্যু হোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখযোগ্য যে অঞ্চলটোত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী খুটা বেকা হৈ ৰাইজলৈ যোগান ধৰা ২২০ ভল্টৰ খুটাত স্পৰ্শ কৰাত নিজ বাসগৃৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব যাওঁতেই চন্দ্ৰশেখৰৰ বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু হোৱাৰ অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগক তীব্র ভাষাৰে গৰিহণা প্ৰদান কৰিছে।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বেকা হৈ যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী খুটাটো মেৰামতি কৰিবলৈ গাওঁ বাসীয়ে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যদিও টিংখাং বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মকৰ্তাই কোনো গুৰুতৰ প্ৰদান নকৰাত আজিৰ এই দূৰ্ঘটনা সংঘটিত হল।মৃত চন্দ্ৰশেখৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সক্ৰিয় সদস্য আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*