অসমশীৰ্ষ

সোণাৰিৰ মাইবেলাত ভয়াবহ পথ দূৰ্ঘটনা,এজন নিহত

 

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ :

সোণাৰিৰ মাইবেলাত পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷শিমলুগুৰিৰ পৰা সাপেখাতী বজাৰলৈ অহা ব্যৱসায়ীৰ এ এচ ০৪ এ চি ১৩৪২ নম্বৰৰ ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাত ট্ৰাক খনত থকা ১৬ জন ব্যৱসায়ী গুৰুতৰ ভাবে আহত হোৱাত ততাতৈয়াকৈ ৰজাপুখুৰীৰ অসামৰিক চিকিসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও এজনৰ চিকিসালয়তে মৃত্যু হয়।চিকিসালয়ত মৃত্যু হোৱা ব্যৱসায়ী জন যোগিন্দৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে।আহত সকলত শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Leave a Reply

Close