অসমশীৰ্ষ

সোণাৰিৰ সীমান্তত অস্ত্ৰ ধাৰী নগাৰ তাণ্ডৱ।চৰাইদেউ জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই গঞাৰ গোহালীৰ পৰা কাঢ়ি নিলে গৰু

 

সোণাৰিৰ সীমান্তৰ পৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:

সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নগা নদী বন গাৱঁত পুনৰ বৃদ্ধি অস্ত্ৰধাৰী নগাৰ দপদপনি।নগাৰ বাবেই কৃষি কৰ্মৰ বাবে গৰু পুহিবৰ বাবেও চিন্তাত পৰিছে গঞা।চৰাইদেউ জিলা প্ৰশাসনৰ অস্বিত্বক ধূলিসাৎ কৰি এইবাৰ নগাই মাৰণাস্ত্ৰৰে ভাবুকি দি নিশায়ে তিনিজনকৈ গঞাৰ গোহালীৰ পৰা লৈ গল সাত টাকৈ বলধ গৰু।সমগ্র বিসয়টোৱে অঞ্চল জুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।নিশা সীমান্তৱৰ্তী অঞ্চলটোত সাতজনকৈ অস্ত্ৰধাৰী নগা প্ৰবেশ কৰি হত্যাৰ ভাবুকিৰে গাওঁ খনৰ ৰবি মুণ্ডা,বুধু ওৰাং আৰু বিজয় মুণ্ডাৰ গোহালীৰ পৰা সাতটাকৈ গৰু লৈ যায়।এই ক্ষেত্ৰত চৰাইদেউ জিলা প্ৰশাসনে নগাৰ দপদপনি কিদৰে ৰোধ কৰিব সি হব লক্ষণীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close