অসমশীৰ্ষ

সোণোৱাল মন্ত্ৰীসভাৰ ৭ নতুন মন্ত্ৰীৰ শপত, প্ৰত্যকলৈ গুৰুত্বপূৰ্ণ দপ্তৰ

 

নিউজ ডেস্ক, প্ৰথম খবৰঃ

অৱশেষত সম্প্ৰসাৰিত হ’ল বহু প্ৰতিক্ষিত সোণোৱাল মন্ত্ৰীসভাৰ ৭ নতুন মন্ত্ৰীৰ তালিকা৷বৃহস্পতিবাৰে ৰাজভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰালে নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপীৰ ৫ গৰাকী আৰু অগপ আৰু বি পি এফৰ এজনকৈ বিধায়কক৷

শপত বাক্য পাঠ কৰাৰ পিছতে প্ৰত্যকগৰাকী নৱনিযুক্ত মন্ত্ৰীয়ে লাভ কৰিলে ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ দপ্তৰ৷নৱনিযুক্ত মন্ত্ৰীসকলে লাভ কৰা এই গুৰুত্বপূৰ্ণ দপ্তৰ সমূহৰ ভিতৰত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য- শিক্ষা(উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), গুৱাহাটী উন্নয়ন, আইন আৰু ন্যায়৷ছুম’ ৰংহাং- পাৰ্বত্য উন্নয়ন, খনি আৰু খনিজাত দ্ৰব্য৷ফণীভূষণ চৌধুৰী- খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ৷চন্দন ব্ৰহ্ম- পৰ্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ৷ভৱেশ কলিতা- জলসিঞ্চন(স্বতন্ত্ৰ),ৰাজহ আৰু দুৰ্যোগ প্ৰশমন(ৰাজ্যিক)৷তপন গগৈ- শক্তি(স্বতন্ত্ৰ), গড়কাপ্তানী(ৰাজ্যিক)৷পিয়ুষ হাজৰিকা- পয়-প্ৰণালী পৰিক্ল্পনাৰ বাহিৰে নগৰ উন্নয়ন(স্বতন্ত্ৰ),স্বাস্থ্য আৰু পৰিয়াল কল্যাণ(ৰাজ্যিক)৷

বৃহস্পতিবাৰে ৭ গৰাকী নৱনিযুক্ত মন্ত্ৰীৰ চাৰিগৰাকীয়ে কেবিনেট মন্ত্ৰী আৰু তিনি গৰাকীয়ে স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে প্ৰত্যেক গৰাকী মন্ত্ৰীৰ নিজা নিজা সমষ্টিত দেখা পোৱা গৈছিল আনন্দৰ বন্যা বোৱা এক পৰিৱেশ৷ প্ৰত্যকে নিজৰ নিজৰ সমষ্টি আৰু দেশৰ দ্ৰুত উন্নয়ন আশা কৰি অতিকৈ প্ৰিয় মন্ত্ৰীজনৰ মন্ত্ৰীত্ব লাভত আনন্দত আত্মহাৰা হৈ মন্ত্ৰীৰ নিজা সমষ্টিত সৃষ্টি কৰিছিল এক আনন্দ-উল্লাসসদৃশ পৰিৱেশৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close