অসমবৰপেটা

সৰভোগত এনআৰচিয়ে বংশ বৃক্ষই সুদীৰ্ঘ ৫০ বছৰৰ পিছত এটা পৰিয়াললৈ আনিলে আনন্দৰ বতৰা

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ: বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত থকা এন আৰ চিৰ কাৰ্যালয়ত বুধবাৰে সৃষ্টি হ’ল এক আনন্দৰ পৰিবেশ।

কাছাৰ জিলাৰ লক্ষীচৰা গাঁওৰ জয়ধন ৰাজৱংশী (৬০) নামৰ এগৰাকী ব্যক্তিয়ে ঘৰৰ সদস্যৰ লগত মতানক্য ঘটি ঘৰৰ পৰা গুছি আহিছিল। পিছত ৰাজ্যৰ বিভিন্ন ঠাইত কামকাজ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। অৱশেষত ব্যক্তি জনে পাঠশালাৰ নলীগাঁৱত নিজৰ পত্নী আৰু একমাত্ৰ জীয়ৰীক লৈ নিগাজিকৈ থাকিব লৈছিল। ঘৰৰ পৰা অহাৰ পিছতে পৰিয়ালৰ কোনো সদস্যৰ লগত ব্যক্তি জনৰ যোগাযোগ নাছিল। বুধবাৰে এন আৰ চিৰ বংশ বৃক্ষৰ কাৰণে সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ চৌহদৰ ভিতৰত থকা এনআৰচিৰ কেন্দ্ৰত উপস্থিত হৈছিল। এই কেন্দ্ৰতে ৫০বছৰ পিছত মিলন ঘটে তেওঁৰ ভাতৃৰ ল’ৰা কালালেশ্বৰ ৰাজৱংশী(৩০) আৰু নাতী ল’ৰা সুজিত কুমাৰ ৰাজৱংশীৰ(২৫) সৈতে। পিছত সুদীৰ্ঘ ৫০ বছৰৰ মূৰত নিজৰ পৰিয়ালৰ লোকৰ লগত মিলন ঘটি জয়ধন ৰাজবংশীয়ে আনন্দত আত্মহাৰা হৈ পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close