অসমবৰপেটা

সৰভোগৰ দহলাপাৰাত অঘটন, পুত্ৰই হত্যা কৰিলে অৱসৰপ্ৰাপ্ত আৰ্মী অৰবিন্দ চন্দ্ৰ দাসক

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰ্মী অৰবিন্দ চন্দ্ৰ দাসৰ পুত্ৰ দিপাংকৰ দাসে কটাৰীৰে হানি খুচি হত্যা কৰা ঘটনাই অঞ্চল ব্যাপি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে, যোৱা বৃহস্পতিবাৰে নিশা মদৰ ৰাগিত মাতাল হৈ থকা পুত্ৰ দিপাংকৰ দাসে পাৰিবাৰিক কন্দলৰ সময়ত পিতৃৰ গলত আৰু বুকুত চোকা কটাৰীৰে হানি খুচি হত্যা কৰে। নিশা সংকটজনক অৱস্থাত অৰবিন্দ চন্দ্ৰ দাসক চিকিৎসালয়ত ভৰ্তি কৰে যদিও শুকুৰবাৰে চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। ঘটনা সংঘটিত কৰি পুত্ৰই পলায়ন কৰে। দহলাপাৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেশ কলিতাৰ তৎপৰতা পিতৃ হত্যাকাৰী দিপাংকৰ দাসক আটক কৰি সৰভোগ আৰক্ষীক সমজাই দিয়ে। ঘটনা সন্দৰ্ভত সৰভোগ আৰক্ষী থানাত এটি গোছৰ ৰুজু কৰিছে।

জানিব পৰা মতে, অৰবিন্দ চন্দ্ৰ দাসে ২০০১ চনত আৰ্মীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত যোৱা ১৭বছৰে খেতিয়কৰ কাম কৰি পৰিয়াল পোহপাল দিয়ে আহিছে। পুত্ৰই পিতৃক হত্যা কৰা ঘটনাত অঞ্চল ব্যাপি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে‌।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close