অসমবৰপেটাশীৰ্ষ

সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালক আক্ৰমণ, আৰক্ষীৰ জালত ১১ আক্ৰমণকাৰী

প্ৰথম খবৰ, বৰপেটাঃ অৱশেষত আৰক্ষীৰ জালত পৰিল খিলঞ্জীয়া পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা আক্ৰমণকাৰীসকল। যোৱা ১৯ এপ্ৰিলত জিলাখনৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কালাদি ৰিজাৰ্ভত খিলঞ্জীয়া পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত জড়িত ৮ অভিযুক্তক বুধবাৰে বৰপেটা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে আটক হোৱা আন তিনিজন অভিযুক্তসহ মুঠ এঘাৰ জনক ইতিমধ্যে ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে৷

উল্লেখ্য যে, ঘটনা সংঘটিত কৰিয়েই
আত্মগোপন কৰিছিল আটাইকেইজন আক্ৰমণকাৰীয়ে। ঘটনা সংঘটিত হোৱাৰ এদিন পিছত বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই দিলোৱাৰ আলী, আনোৱাৰ ৰহমান আৰু মিজান খান নামৰ অভিযুক্ত তিনিজনক পৃথকে পৃথকে কৰায়ত্ত কৰাৰ পিছত বাকী কেইজন অভিযুক্তৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলে বৰপেটা আৰক্ষীয়ে। বিশেষকৈ ঘটনাৰ মূল অভিযুক্ত আনাৰ আলী আৰু কাদেৰ আলীক আটক কৰিবলৈ চাৰিওফালে জাল পেলায় আৰক্ষীয়ে।

অৱশেষত পলাতক অৱস্থাত থকা আনাৰ, কাদেৰ সহ ৮ জন অভিযুক্তৰ আটাকেইজনকে আজি জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আজি আটক কৰা আনাৰ আলী, কাদেৰ আলী, আতোৱাৰ ৰহমান, ৰফিক আলী, চানোৱাৰ আলী, তমচেৰ আলী, হামিদ আলী আৰু ৰেজ্জাকুল হকক সম্প্ৰতি বৰপেটা সদৰ থানাত জেৰা কৰি থকা হৈছে৷ আটকাধীন আক্ৰমণকাৰীসকলে যাঠি, জোং, চোকা অস্ত্ৰ আদি লৈ চলোৱা পৰিকল্পিত আক্ৰমণত কালাদি ৰিজাৰ্ভৰ শিৱলা দাসৰ পৰিয়ালৰ আঠজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ আক্ৰমণকাৰীসকলৰ পৰা সাৰি যোৱা নাছিল আশী বছৰীয়া বৃদ্ধ, শিশু আৰু গৰ্ভৱতী মহিলাও৷ শ শ বিঘা মাটি বেদখল কৰি কালাদি ৰিজাৰ্ভত আধিপত্য বিস্তাৰ কৰি অহা সন্দেহযুক্ত নাগৰিকসকলৰ দ্বাৰা সংঘটিত আক্ৰমণৰ ঘটনাক লৈ উত্তেজনা-প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷

Related Articles

Leave a Reply

Close