শেহতীয়া
Home / অসম / হিমন্তক প্ৰত্যুত্তৰ ৰকিবুল হুছেইনৰ, আৰএছএছ কৰ্মীৰ কংগ্ৰেছত যোগদান

হিমন্তক প্ৰত্যুত্তৰ ৰকিবুল হুছেইনৰ, আৰএছএছ কৰ্মীৰ কংগ্ৰেছত যোগদান

প্ৰথম খবৰ, বৰপেটাঃ বৰপেটাত শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। বিধান সভাত আৰবী বিষয়ৰ শিক্ষক নিযুক্তি সন্দৰ্ভত মন্তব্য দিবলৈ গৈ আৰবত অসমীয়া ভাষা পঢ়ায় নেকি বুলি প্ৰশ্ন উত্থাপন কৰা শিক্ষা মন্ত্ৰীগৰাকীক আজি তথ্য সহকাৰে প্ৰত্যুত্তৰ দিয়ে ৰকিবুল হুছেইনে৷

বৰপেটাৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলত অংশ লৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰসংঘৰ শেহতীয়া ছয়টা বিভাগীয় ( Official) আৰু ব্যৱহৃত ভাষাৰ ভিতৰত আৰবী ভাষাও অন্যতম৷ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে কেৱল ইংৰাজীয়েই আন্ত:ৰাষ্ট্ৰীয় ভাষা নহয়। সংবাদ মেলত শিক্ষামন্ত্ৰীজনৰ জ্ঞাতাৰ্থে তেওঁ এই তথ্য আগবঢ়ায় বুলি জানিবলৈ দিয়ে।

আনহাতে সংবাদ মেলত অংশ লৈ বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা৷ ললিত মোডী, বিজয় মালিয়া, নীৰৱ মোডী, মোহিল চোকচি আদিৰ বিত্তীয় কেলেংকাৰী বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা বুলি উল্লেখ কৰি বিজেপিক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল বুলি আখ্যায়িত কৰে ৰিপুণ বৰাই।

ভাৰতবৰ্ষত ইয়াতকৈ ডাঙৰ বিত্তীয় কেলেংকাৰী কেতিয়াও সংঘটিত হোৱা নাই বুলি মত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বিজেপি চৰকাৰক পুজিপতিৰ চৰকাৰ বুলি কটাক্ষ কৰি চৰকাৰখনৰ কাৰ্যকালত ২২ পৰা ২৩ শ কৃশকে আত্মহত্যা কৰা বুলি তেওঁ তথ্য প্ৰকাশ কৰে৷ বিগত চাৰি বছৰত এজনো কৃষকক ঋণ মাফ নিদিয়াৰ বিপৰীতে পুজিপতি গোষ্ঠীক ২.৪২ লাখ কোটি টকাৰ ঋণ মাফ দিয়া হৈছে বুলি ৰিপুণ বৰাই আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত অগপ দলকো সমালোচনাৰ লক্ষ্য কৰি লয় ৰিপুণ বৰাই৷ বিজেপি চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি-কেলেংকাৰী সন্দৰ্ভত অগপ দলৰ নীৰৱ ভূমিকাক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে, জাতি-মাটি-ভেটি ৰক্ষাৰ নামত ঘৰিয়ালৰ চকু পানী টুকিছে অগপ দলে। ৰিপুণ বৰাৰ মতে, বাতৰি কাকতত বিবৃতি দি চৰকাৰী কাম-কাজক সমালোচনা কৰা অগপ দলে আনফালেদি চৰকাৰৰ অংশীদাৰ হৈ ৰাইজক প্ৰতাৰণা কৰিছে।

বিজেপি চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ পক্ষপাতী নহয় বুলি মন্তব্য কৰি অসমত পঞ্চায়ত নিৰ্বাচন অনিশ্চিত বুলিও তেওঁ মত ব্যক্ত কৰে। ইপিনে সংবাদ মেল অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰীদ্বয় ৰকিবুল হুছেইন, শুকুৰ আলী আহমেদ আৰু অন্যান্য স্থানীয় নেতা-কৰ্মীসকলৰ উপস্থিতিত প্ৰায় শতাধিক বিজেপি কৰ্মী-সমৰ্থকে কংগ্ৰেছ দলত যোগদান কৰে। বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন বিষয়াববীয়া দিগন্ত বৰ্মন, আৰ এছ এছ কৰ্মীদ্বয় গুণজ্যোতি পাঠক আৰু গোপাল পাঠকৰ নেতৃত্বত নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা পুৰুষ-মহিলাসকলক দলটোৰ নেতাসকলে উষ্ম আদৰণি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*