শেহতীয়া
Home / সাহিত্য / নিবন্ধ / হেপাহৰ বহাগ

হেপাহৰ বহাগ

সৌৰভ জ্যোতি গোস্বামী:

ব’হাগ, অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এক ব’হাগ হ’ল এই মাহৰ প্ৰথম দিন। এই বিশেষ দিনটোতে অসমীয়া নৱবৰ্ষ উপলক্ষে মানুহ বিহু পতা হয়। অসমীয়া পঞ্জিকাত ব’হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত এপ্ৰিল আৰু মে’ হয়। ব’হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত চ’ত মাহ চলি থাকে।

বিহু অসমৰ প্ৰধান জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি- জনজাতিৰ লোকে বিহু তথা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ আন এক প্ৰধান বৈশিষ্ট হ’ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষিভিত্তিক উৎসৱ। কৃষি উৎসৱ ঘাইকৈ তিনিটা। খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত।
‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানা মতবাদ আছে যদিও কোনো এটা মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি। বৈদিক ‘বিষুবন’ পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা ‘সত্ৰ’ অথবা ‘যজ্ঞ’ৰ মাজৰ দিনটোক বুজায়। দিন আৰু ৰাতি সমান হোৱা বাবে এই দিনটোৱেই ‘বিষুবত’ ৰূপে পৰিচিত। অসমৰ সামাজিক গাঁঠনিৰ দৰেই বিহু উৎসৱত আৰ্য, অষ্ট্ৰিক, আলপাইন আৰু মংগোলীয় সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে আৰু প্ৰত্যেক সভ্যতাৰে অৱদান বিহুৰ মাজত এনেদৰে মিহলি হৈ পৰিছে যে এতিয়া সেই বৈশিষ্টসমূহক পৃথক কৰা অসম্ভৱ। বিহুৰ বিৱৰ্তনৰ মাজৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল’বলৈ শিকাৰপৰা খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ’ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ’লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰিক আৰু মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। পিছলৈ বিহুত আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। এই সময়ত ডেকা-গাভৰু মিলি চ’ত মাহৰ ৰাতি নাচ-গান গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উছাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল। শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিবৰ্তন আহিল। বিহুত প্ৰেম-পিৰীতিৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ এই কালছোৱাতে পৰিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিতো নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পূৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পাইছি়ল। পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়াই গছৰ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, লগতে অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰে। তাৰোপৰি এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মূৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল। কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। পিচলৈ গৈ এয়া চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগে অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিৱৰ্তন হয়। পশ্চিমীয়া শিক্ষা আৰু ভিক্টোৰিয়ান-ইংৰাজ সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। সেইসময়ৰ ভালেসংখ্যক উচ্চশিক্ষিত সমাজ সংস্কাৰক লোকে বিহুক ‘ইতৰ প্ৰাণীৰ নাচ গান’ বুলি আখ্যা দিয়ে। উক্ত সময়ত লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমূখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰপৰা ৰক্ষা কৰিলে যদিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেপাঁহ পলুৱাই আনন্দ কৰাৰ পৰিবৰ্তে এক সামাজিকভাৱে পালন কৰিবলগা ৰীতি বুলিহে মানিবলৈ ল’লে। এনে সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা কৰি আৰম্ভ হ’ল মঞ্চ বিহু। অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হোৱাৰ‌ লগতে আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰাও প্ৰচলিত হ’ল। ১৯৪১ চনৰ এই সময়খিনিত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চ বিহু প্ৰদৰ্শন কৰা হয়। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয়। মঞ্চ বিহুত বিহু প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগীতাৰ ওপৰত গুৰুত্ব দিয়া যায় আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ বাবে কালক্ৰমত প্ৰায় স্বতঃস্ফুৰ্তভাৱে গছৰ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে। বৰ্তমান মঞ্চ বিহু তথা হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়।

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো……”
ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ হোৱাৰ আগতে যোজনা গোৱা হয়। যোজনাবোৰে ভিন্নক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্যবোৰক প্ৰতীয়মান কৰে। বসন্তৰ আগমনত উদযাপন কৰা বহাগ বিহু অথবা ৰঙালী বিহু, অসমৰ প্ৰধান বিহু উৎসৱ। বসন্তৰ আগমনত প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠাৰ সময়ত চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি-সংস্কৃতিৰ আৰম্ভণিৰপৰাই এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলিও মানুহৰ এটা বিশ্বাস আছে। সেইবাবে হয়তো খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহু কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ৰঙালী বিহু একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তীৰ দিনাৰপৰা আৰম্ভ কৰি বহাগৰ ছয় তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে এক সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰপৰা আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত তাৰে এটা দিন ‘গোঁসাই বিহু’ বুলিও পালন কৰা হয়।
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ বান্ধোন অটুট ৰাখিছে৷ বিহুৰ সকলো কামেই সমূহীয়াভাৱে হোৱাৰ লগতে ই মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব স্বকীয়তা বহন কৰি আহিছে। প্ৰতিজন অসমীয়াৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বুলি কোৱা হয়। বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে৷ মূলত পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাৰ আধাৰতে বিহুনামবোৰ ৰচিত আৰু পৰিবেশীত হয়। এনে কিছু পৰম্পৰাগত বিহু অনুষ্ঠান হৈছে ৰাতিবিহু, দিনৰ ভাগত বৰ গছৰ তল, পথাৰ আৰু জুপজুপীয়া হাবিয়নিত মৰা গছতলৰ বিহু ওৰফে গাভৰু বিহু ওৰফে চেনেহী বিহু ওৰফে মাইকী বিহু ওৰফে জেং বিহু আৰু গৃহস্থৰ চোতালত মৰা হুঁচৰি।
ৰাতিবিহু আৰু গছতলৰ বিহুত বিহুনামৰ একো একোটা ফাকি ইফাকিৰ পিছত সিফাকিকৈ সকলোৱে গাইছিল। লগত বজোৱা হৈছিল টকা আৰু হাত চাপৰি। ৰাতিবিহুৰ প্ৰচলিত বিহুনাম গোৱা অন্য এটা ধৰণ আছিল যোৰানাম। একোফাকি বিহুনামৰ উত্তৰ হিচাপে তাৰ পিছৰ ফাকি বিহুনাম গোৱা হৈছিল। ৰাতিবিহু আৰু গছতলৰ বিহুৰ বিহুনামবিলাক ৰচিত হৈছিল দুলড়ী ছন্দৰ দুটা পংক্তিত৷ প্ৰায়বোৰ বিহুনামৰ ফাকিতে ব্যৱহৃত হৈছিল উপমাৰ, অৰ্থাৎ অতি পোনপটীয়াকৈ অথবা প্ৰত্যক্ষভাৱে নকৈ একোটা উপমাৰ আলমত একোটা ভাৱ একোফাকি নাম, গীতৰদ্বাৰা প্ৰকাশ কৰা হৈছিল৷

বিহু পুৰুষ, মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেওত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্য বিভিন্ন প্ৰকাৰৰ বুলি কব পাৰি। যেনে দেউৰী বিহু, মৰান বিহু, মিচিং বিহু ইত্যাদি। নৃত্যমুদ্ৰাৰ কিছু বৈষম্যক বাদ দি সাধাৰণতে প্ৰচলিত প্ৰথা অনুযায়ী বসন্তৰ আগমনত ৰঙালী বিহুৰ সময়ত কৰা এই বিভিন্ন প্ৰকাৰৰ বিহু নৃত্যসমূহৰ এটাই উদ্দেশ্য, উলহ মালহেৰে নৱবৰ্ষক আগমন জনোৱা। আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক জেং বিহু বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথা মতে, অবিবাহিত যুৱতী সকলে বসন্ত ঋতুত তথা ৰঙালী বিহুত জাক পাতি গছৰ তলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলা সকলৰ সেই সময়ত মহিলা হিচাবে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছে।

অসমীয়া সমাজৰ বৈচিত্ৰময় পৰম্পৰা সমূহৰ ভিতৰত গৰু বিহুৰ দিনা ১০১ বিধ শাক একেলগে খোৱাও এক পৰম্পৰা আছে। সেইদিনা ১০১ বিধ শাক-পাচলি মিহলাই খালে গোটেই বছৰটোৰ বাবে বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি বুলি এক বিশ্বাস আছে।
আজিকালি সকলো প্ৰকাৰৰ শাক-পাচলি বিচাৰি পোৱা নাযায় যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰ হৈছে অমিতা ফুল,অমৰা ফুল, অশোক ফুল, আৰ ফুল, আমৰ মল, আনাৰসৰ কোঁহ, আলুগুটিৰ পাত, আদা পাত, আগেজলা, ওলকচু পাত, ওলকবি পাত, কঁঠালৰ মুচি, কেঁহেৰাজ শাক, কচু শাক, কুঁহিয়াৰ পাতৰ আগ, কুকুৰাঠেঙীয়া, কোৱাভাতুৰি, কেঞাবন, কাচিপকা, কাঁছকল পাত, কাঠআলু পাত, কৰ্দৈ পাত, কলমৌশাক, কুহিলা পাত, কলপচলা, কোমোৰা পাত, কেৰেলা পাত, খুতৰা শাক, গাখীৰতী, গাজৰ পাত, গৰুখিচ, চুকা শাক, চজিনা পাত, চালকুঁৱৰী আগ, চিৰতা পাত, চয়াবিন পাত, জিলমিল শাক, জেতুলীপকা পাত, জালুকপাত, জলকীয়া পাত, জবাফুল, জ্যেষ্ঠমধু পাত, জৱেত্ৰী, জাতিলাউ পাত, জিকা পাত, টিকনি বৰুৱা, টুপুৰী লতা, টেঙামৰা, টেঙেচি টেঙা, তিতাফুল, তিল পাত, তুলসী, তিঁয়হ পাত, থেকেৰা পাত, থেৰেজু পাত, দাংবদি, দোৰোণ শাক, সোণবৰীয়াল, দুপৰটেঙা, ধুন্দুলি পাত, ধতুৰা, ধনিয়া, ঢেকীয়াশাক, নৰসিংহ, নহৰু পাত, নেফাফু, নুনি পাত, নিলাজী বন, পিৰালি পালেং, পিঁয়াজ পাত, পদিনা, পিৰালি কুঁৱৰী, পটল পাত, পালেং, পুৰৈশাক, পনৌনৌৱা, পচতীয়া, পিপলী, ব্ৰাহ্মীশাক, বিলাহী পাত, বন্ধাকবি, বনজালুক, বেতগাজ পাত, বেঙেনা পাত, বৰথেকেৰা পাত, বিহলঙনি, বকফুল, বৰমানিমুনি, বৰবৰীয়াল, বৃন্দাবন, বৰ্হমথুৰি, বিশল্যকৰণি, ভেদাইলতা, ভাঙৰ আগ, ভৃঙ্গৰাজ, ভেকুৰি তিতা, ভেতফুল, মাটিকাঁদুৰি, সৰু মানিমুনি, মহানিম, মছন্দৰী, মানধনিয়া, মৰলীয়া পাত, মৰিচা, মেথিশাক, মেটেকা, মৰাপাট, মধুৰী আম পাত, মধুসোলেং, মূলাশাক, ৰঙালাউ আগ, লফাশাক, লাইজাবৰী, লাইশাক, শেৱালি ফুল, সৰিয়হ শাক, শুকলতি, হাতীখুতৰা আৰু হেলচী শাক। এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ নহ’লেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয়। কিছুমানৰ মতে ব‘হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে ইয়াক সাতশাকী বুলি কোৱা হয়।

বিহুৰ ক্ষেত্ৰত সাজ পোচাকৰ গুৰুত্ব অপৰিসীম। বিহুৰ সাজ পোচাকবোৰে পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দিয়ে। অসমত থলুৱাভাৱে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সুতা বিহুৰ এক অপৰিহাৰ্য অংগ ৷ বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢুলীয়াসকলে কপাহী চুৰীয়া পৰিধান কৰে। অলংকাৰৰ ক্ষেত্ৰত নাচনীসকলে ডিঙিত জোনবিৰি, ঢ়োলবিৰি, জাপিপতীয়া অলংকাৰ পিন্ধে। হাতত গামখাৰু আৰু কাণত কেৰুমণি থুৰীয়া পিন্ধে। আজিকালি মহিলাসকলে মুগাৰ সলনি টচৰ মেখেলা-চাদৰ পিন্ধাও দেখা যায়। নাচনীয়ে খোপাত কপৌ ফুল আৰু হাতত জেতুকাৰ প্ৰলেপ লগায়। ওঠত বৰ্হমথুৰিৰ পাতেৰে ৰঙীন বোল দিয়ে।
এয়াই বহাগ! আমাৰ আশাৰ, আমাৰ হেপাহৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*