শেহতীয়া
Home / Uncategorized / ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ:
ভাৰতীয় চলচ্চিত্ৰ উদ্যোগলৈ সূখবৰ।
৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে।
এইবাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে বলিউডৰ প্ৰথম মহিলা চুপাৰষ্টাৰ তথা সদ্য প্ৰয়াত শ্ৰীদেৱীলৈ।
“মোম” ছবিত অনবদ্য অভিনয় কৰাৰ বাবে তেওঁক এই বঁটা আগবঢ়োৱা হয়।
লগতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় মৰণোত্তৰ ভাৱে বিনোদ খান্নালৈ।
শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ঋদ্বি সেনলৈ।
‘নগৰকীৰ্তন’ ছবিত অভিনয় কৰা বাবে তেখেতক এই বঁটা প্ৰদান কৰা হয়।
দাক্ষিণাত্যৰ জনপ্ৰিয় চলচ্চিত্ৰ ‘বাহুবলী-২’ লৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ সন্মান।


শ্ৰেষ্ঠ হিন্দী ফিচাৰ ফিল্মৰ বঁটা আগবঢ়োৱা হয় ৰাজকুমাৰ ৰাও অভিনিত ‘নিউটন’ ছবিলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*