শেহতীয়া
Home / অসম / ৰংঘৰৰ বাকৰিত পৰম্পৰাগত বিহু উদযাপন 

ৰংঘৰৰ বাকৰিত পৰম্পৰাগত বিহু উদযাপন 

প্ৰথম খবৰ, শিৱসাগৰ  ১৫ এপ্ৰিল : এচিয়াৰ প্ৰথমটো পেভেলিয়ন ৰংঘৰৰ বাকৰিত আজি দিনযোৰা কাৰ্য্যসুচীৰে সদৌ টাই আহোম ছাত্ৰ সন্থায় অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু জাতীয় পৰম্পৰাগত ভাবে উদযাপন কৰে |

আহোম স্বৰ্গদেউ সকলে ৰংঘৰৰ বাকৰিত অসমীয়া জাতিটোক ঐক্য সম্প্ৰতিৰে বান্ধি ৰাখিছিল আৰু বিধিসন্মত ভাবে নিৰ্দিষ্ট সময়লৈকে বিহু পালন কৰি জাতিটোক কৰ্মমুখী জীৱন যাপনৰ লগতে উন্নত সমাজ গঠনত উ$সাহ যোগাইছিল |

পূৰ্বৰ স্বৰ্গদেউ সকলক যি ধৰণে তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ বিহু উপভোগৰ বাবে আদৰি অনা হৈছিল ঠিক আজিওঁ প্ৰতিকী স্বৰ্গদেউৰ এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আদৰি অনা হয় |

আজি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ ৰংঘৰৰ বাকৰিত অসমৰ বহুকেইগৰাকী কন্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *

*