শেহতীয়া
Home / অসম / ৰাজশ্ৰী থিয়েটাৰৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ কলা-কুশলীৰ

ৰাজশ্ৰী থিয়েটাৰৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ কলা-কুশলীৰ

মুকালমুৱাৰপৰা জয়ন্ত ডেকা, প্ৰথম খবৰঃ দেওবাৰে ৰাজশ্ৰী থিয়েটাৰৰ মালিক পক্ষৰ বিৰুদ্ধে উত্থাপিত হয় এক গুৰুতৰ অভিযোগ৷ চুক্তিবদ্ধৰ ধন আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজশ্ৰী থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলী সকলে৷

উল্লেখ্য যে, নিৰ্ধাৰিত চুক্তি সামৰণি হোৱাৰ পিছতো চুক্তিৰ ধন আদায় নোপোৱাত ৰাজশ্ৰী থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক যতীন ঠাকুৰীয়াৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰা দেখা গৈছে উক্ত থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰীগৰাকীক৷

ৰাজশ্ৰী থিয়েটাৰৰ কলা-কুশলী সকলে মুকালমুৱাত তিনিদিন ধৰি অনাহাৰে কৰ্মত নিয়োগ হৈ থকাৰ কথা উল্লেখ কৰি এনে বিতৰ্কই এদিন ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনকো মৃত্যুৰ গৰাহলৈ ঠেলি নিয়াৰ কথা উত্থাপন কৰে ৰাজশ্ৰী থিয়েটাৰৰ অভিনেত্ৰী কবিতা চুতীয়াই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*