অসম

ৰাজীৱ বৰুৱালৈ “দা আসাম লুতাদ” গ্ৰাম্য সাংবাদিকতা বঁটা

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ এগৰাকী যুৱ লেখক, তথা সাংবাদিক ৰাজীৱ বৰুৱালৈ আগবঢ়োৱা হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত একমাত্ৰ বহুভাষিক দৈনিক বাতৰি কাকত “দা আসাম লুতাদ”ৰ তৰফৰ পৰা দিয়া ২০১৮ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা।

অহা ২৩ এপ্ৰিলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটীৰ ডিচপুৰ প্ৰেছ ক্লাৱত এই বঁটা প্ৰদান কৰা হ’ব বুলি “দা আসাম লুতাদ”ৰ কৰ্তৃপক্ষই ৰবিবাৰে এক বিবৃত্তিযোগে জনাইছে।

উল্লেখ্য যে, ৰাজীৱ বৰুৱাই সুদীৰ্ঘ দিন ঢকুৱাখনাৰ পৰা “নিউজ লাইভ”ৰ সাংবাদিকৰূপে আৰু “নিয়মীয়া বাৰ্তা”ৰ বিশেষ সাংবাদিকৰূপে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। তদুপৰি বৰুৱাই “ই-মিডিয়া নিউজ পৰটেল-সংবাদ ৩৬৫ ৰো সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close