অসমশীৰ্ষ

ৰাজ্যৰ নিবনুৱালৈ সু-খবৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ সময়তে নিবনুৱালৈ আহিল এটি ভাল খবৰ৷ অহা ১০ দিনৰ ভিতৰত ৫,৬২৪ টা পদত নিযুক্তিৰ বাবে অসম আৰক্ষীয়ে প্ৰকাশ কৰিব বিজ্ঞাপন৷ এই পদসমূহৰ ভিতৰত আছে ১৩০ টা উপ-পৰিদৰ্শক, ১,৮৫১ টা ইউ বি কনিষ্ট’বল, ৩,৬৪৩ টা এ বি কনিষ্ট’বল, বনবিভাগৰ ৫২৫ টা ফৰেষ্ট গাৰ্ড, ১৩৫ টা জেইল ৱাৰ্ডেন আৰু এ আই এচ এফৰ ১৪৫ টা পদ৷

উল্লেখ্য যে, এই পদসমূহৰ ২ শতাংশ পদ সংৰক্ষিত থাকিব গৃহৰক্ষী, খেলুৱৈ আৰু এচ পি অ’ৰ বাবে৷ প্ৰাক্তন উগ্ৰপন্থী আৰু ভি ডিপিৰ বাবেও থাকিব আসন সংৰক্ষণৰ ব্যৱস্থা৷ উগ্ৰপন্থী জৰ্জৰিত অঞ্চলৰ বাবে নতুনকৈ নিৰ্মাণ হ’ব ৮০ খনকৈ থানা আৰু ইয়াৰ লোকৰ বাবে সংৰক্ষিত আসন থাকিব ১০ শতাংশ৷

ৰাজ্যিক নিয়োগ বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ মন্তব্য অনুসৰি এই পদসমূহৰ নিৰ্বাচনত মহিলা আৰক্ষীৰ বাবে সহজ কৰি তোলা হ’ব শাৰীৰিক পৰীক্ষা আৰু ইয়াৰ ফলাফলসমূহ উপলব্ধ হ’ব অসম আৰক্ষীৰ ৱেবছাইটত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close