শেহতীয়া
Home / অসম / ৰাধাকুছিত পথ দূৰ্ঘটনাত দুজন নিহত

ৰাধাকুছিত পথ দূৰ্ঘটনাত দুজন নিহত

 

প্ৰথম খবৰ, চেঙা, 20এপ্ৰিলঃ
বৰপেটা জিলাৰ ৰাধাকুছিৰ সমীপৰ জাব্ৰীকুছিত আজি এক পথ দূৰ্ঘটনাত দুগৰাকী মহিলা মৃত্যু মুখত পৰে । এটি পৰিয়ালৰে বাই-ভনী মহিলা দুগৰাকী ক্ৰমে জাব্ৰিকুছিৰ দৌলতজান (65) আৰু কলগাছিয়াৰ ৰেজিয়া খাতুন(দুলালি খাতুন,55) বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী মতে পথৰ দাঁতিত মহিলা দুগৰাকী থিয় হৈ থকাৰ সময়তে ভেল্লাৰ পৰা ৰাধাকুছি অভিমুখে গৈ থকা AS 01 DQ 4810 নম্বৰৰ তীব্ৰ বেগী
মাৰুতি ভানখনে মহিলা দুগৰাকীক খুন্দিওৱাৰ ফলত থিতাতে মৃত্যুমুখত পৰে বাই-ভনী দুগৰাকী।দূৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীৰ চালকজনে পলায়ন কৰে৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতেই পৰিৱেশ তীব্ৰ উত্তেজনাময় হৈ পৰে৷এক আতংকময় পৰিৱেশত
উত্তেজিত ৰাইজে ভানখন জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*