এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ৬৫ সংখ্যক ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড ২০১৮ই কঢ়িয়াই আনিছে বহুকেইটা সুখবৰ। বিশেষকৈ, সদ্যপ্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীয়ে ‘মম’ ছবিৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী পুৰস্কাৰ লাভ কৰা ঘটনাই সকলোকে আনন্দিত কৰি তুলিছে। অভিনেত্ৰীগৰাকীৰ এই সাফল্যত পৰিয়ালবৰ্গ আনন্দিত। তেওঁলোকৰ মতে, যদিও অভিনেত্ৰীগৰাকী আজি আমাৰ মাজত নাই তথাপি তেওঁৰ অভিনয়ে দৰ্শকক সদায় আপ্লুত কৰিব।
শ্ৰীদেৱীয়ে বলিউডত তিনিশৰো অধিক ছবিত অভিনয় কৰিছিল। এই এৱাৰ্ডৰ অন্যান্য শাখাৰ বঁটাসমূহ আছিল এনেধৰণৰ।
নগৰ কীৰ্তন ছবিৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেতা পুৰস্কাৰ ৰিধি সেনলৈ, দাদা চাহেৱ ফাল্কে বঁটা প্ৰয়াত বিনোদ খান্নালৈ, মালয়ালম ছবি ‘ভয়ানকম’ৰ বাবে সৰ্বশ্ৰেষ্ঠ নিৰ্দেশক বঁটা জয়ৰাজলৈ, সৰ্বশ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা অসমীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ’লৈ, সৰ্বশ্ৰেষ্ঠ ফিল্ম সমীক্ষকৰ বঁটা গিৰিধৰ ঝালৈ আৰু ফিল্ম আলোচনাৰ বিশেষ উল্লেখ বঁটা মধ্যপ্ৰদেশৰ সুনীল মিশ্ৰালৈ। বিশেষ মেশন এৱাৰ্ড লাভ কৰে মাৰাঠী ছৱি মুৰখিয়া, অডিঅ’ ছবি হেলো আৰচী আৰু মালয়ালম ছবি লে লোএ। লগতে এই শিতানতে নিউটন ছবিৰ বাবে বিশেষ মেনচন এৱাৰ্ড লাভ কৰে পংকজ ত্ৰিপাঠীয়ে। মালয়ালম অভিনেত্ৰী পাৰ্বতীয়েও লাভ কৰে বিশেষ মেনচন এৱাৰ্ড। আন আন বঁটাসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ক্ষেত্ৰীয় ছবি লাদ্দাখ, সৰ্বশ্ৰেষ্ঠ মাৰাঠী ছবি কচ্চা লিম্বু, সৰ্বশ্ৰেষ্ঠ মালয়ালম ছবি থণ্ডিমুথালম দৃকচাকছিয়ম, সৰ্বশ্ৰেষ্ঠ হিন্দী ছবি নিউটন, সৰ্বশ্ৰেষ্ঠ বাংলা ছবি ময়ুৰক্ষী, সৰ্বশ্ৰেষ্ঠ অসমীয়া ছবি ইশু, সৰ্বশ্ৰেষ্ঠ তামিল ছবি চলো চলো, সৰ্বশ্ৰেষ্ঠ তেলেগু ছবি গাঞ্জী, সৰ্বশ্ৰেষ্ঠ গুজৰাটী ছবি ডীএছএছ, সৰ্বশ্ৰেষ্ঠ কানাড়া ছবি হেব্বেতু ৰামকা, সৰ্বশ্ৰেষ্ঠ একচন নিৰ্দেশনাৰ ছবি বাহুৱলী ২ আৰু সৰ্বশ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী ছবিৰ বঁটা লাভ কৰে টয়লেট এক প্ৰেম কথাই। আনহাতে, সৰ্বশ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ তথা সৰ্বশ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰে বিখ্যাত কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যই আৰু অসমৰ ৰীমা দাসে।