শীৰ্ষৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয় স্তৰত উজলিল ৰীমা দাস

নিউজ ডেস্ক, প্ৰথম খবৰ:
৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চাৰিটাকৈ বঁটা আজুৰি আনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
তেখেতৰ ‘ভিলেজ ৰকষ্টাৰ’ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চাৰিটা শিতানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।
ইয়াৰ মাজত আছে শ্ৰেষ্ঠ ফিচাৰ ফিল্ম, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান।
শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান লাভ কৰে ভনীতা দাসে।
এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে ‘ইচ্ছু’ বোলছবিখনে।

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close