অসমনগাঁও

ৰূপহীহাটত দিন-দুপৰতে ডকাইতি- ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত আটক দুই

 

প্ৰথম খবৰ, এম আবু হানিফা, ৰূপহীহাট-: নগাঁও জিলাৰ ৰূপহীহাটত আজি দিন দুপৰতে এক চাঞ্চল্যকৰ গাড়ী হাইজেকৰ ঘটনা সংঘঠিত হয়। আৰক্ষী সুত্ৰই জানিব দিয়া মতে, সাতজনীয়া এটা অপহৰণকাৰীৰ দলে গাড়ী হাইজেক কৰাৰ লগতে চালক হেণ্ডিমেনকো অপহৰণ কৰে । কাকপথাৰৰ পৰা ৰূপহীহাটলৈ আহি থকা AS-09C 1983 নম্বৰৰ দহ চকীয়া চুপাৰীৰ ট্ৰাকখন হাইজেক কৰি চালক হেণ্ডিমেনক চাৰি ঘন্টা ধৰি অপহৰণ কৰি ৰাখে । জানিব পৰা মতে এই চাঞ্চল্যকৰ ঘটনা সংগঠিত কৰি ফোনযোগে মালিকক এক লাখ টকা দাবী কৰে অপহৰণকাৰীসকলে । উল্লেখ্য যে চামগুৰিৰ পৰা AS 02T 6379 নম্বৰৰ মাৰুতি ভানেৰে অনুসপৰণ কৰি আহি গড়েমাটিখোৱাৰ পৰা হাইজেক কৰি মালিকক ফোন কৰি ১ লাখ টকা দাবী কৰে । এই সন্দৰ্ভত গাড়ীখনৰ মালিকে লগে লগে ৰূপহীহাট আৰক্ষীক অৱগত আৰু গাড়ীৰ মালিকৰ পৰা দাবী কৰা ধন নিবলৈ আহি ৰূপহীহাট আৰক্ষীৰ জালত পৰে দুটাকৈ অপহৰণকাৰী । চাৰি ঘন্টা ধৰি অপহৰণ কৰি ৰখা ট্ৰাকসহ চালক হেণ্ডিমেনক ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন ডকাইত দুটা ক্ৰমে বাহাৰুল ইছলাম আৰু ইফতিকাৰ হুছেইন । ইয়াৰোপৰি ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 02T 6379 নম্বৰৰ মাৰুতি ভানখনো জব্দ কৰে ৰূপহীহাট আৰক্ষীয়ে । ঘটনাৰ পাছতে আৰক্ষীয়ে 395/387/506/ আইপিচি 245/2018 নম্বৰত এক গোচৰ ৰুজু কৰি বাকী কেইটা অপৰাধীক কৰায়ত্ত আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । অলপতে ৰূপহীহাট থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা বিষয়া জিতেন চন্দ্ৰ বৰাৰ নেতৃত্বত ৰূপহীহাট আৰক্ষীৰ এয়া এক বৃহত্ সাফল্য বুলি সচেতন মহলে চৰ্চা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close