অসমশীৰ্ষ

ৰূপহীহাটৰ গদাইমাৰী পঞ্চায়তত দুৰ্নীতি-বিজেপি নেতা জাকাৰিয়া চৌধুৰীক তদন্তৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ

 

প্ৰথম খবৰ, এম আবু হানিফা, ৰূপহীহাট :

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ উন্নয়ণৰ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈ থকাৰ সময়তে কিন্তু নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত বিজেপিৰ প্ৰতি ধাৱিত হৈছে সংখ্যালঘু ৰাইজ । পঞ্চায়ত নিৰ্বাচনত কাংক্ষিত ফলাফল লাভৰ বাবে বিজেপি নেতা তথা যোৱা বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থী জাকাৰিয়া হক চৌধুৰীয়ে সমষ্টিখনত ব্যাপক কচৰত্ আৰম্ভ কৰিছে । দলৰ ভেটি মজবুত কৰাৰ কাৰণে নেতাগৰাকীৰ নেতৃত্বত আজি গধাইমাৰী পঞ্চায়তত ৰাইজৰ সমস্যা সন্দৰ্ভত আলোচনা সভা অনুষ্ঠিত হয় । জুৰীয়া মণ্ডল বিজেপিৰ সভাপতি ব্ৰজ কুমাৰ বৰুৱা আৰু কিষান মৰ্চাৰ সভাপতি জালাল উদ্দিন আৰু বিজেপি দলৰ বহু নেতা-কৰ্মী উপস্থিত থকা সভাত গধাইমাৰী পঞ্চায়তৰ ৰাইজে পঞ্চায়তটোত পৰ্বত সম দুৰ্নীতিৰ কথা আজি ৰাইজে ৰাজহুৱা বাবে অভিযোগ উত্থাপন কৰে । পঞ্চায়তটোত এমজিএনৰেগা আঁচনিৰ অধীনত নজৰুল ইছলামৰ গৃহৰ পৰা আব্দুল কাদিৰৰ গৃহলৈ যোৱা পথৰ ১৯২,০০০ টকা কোনো কাম নকৰাকৈ আত্মসাৎ কৰাৰ অভিযোগ তুলি বিজেপি নেতাজনক ইয়াৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাইজে অনুৰোধ জনায়। ইয়াৰো সমস্যা জৰ্জৰ ৰাইজে বৰুণগুৰি মোক্তাৱ স্কুলৰ পৰা কলনিজিলা কবৰ স্থান লৈকে এন ইছলাম গৃহলৈ পাঁচ লাখ টকা কামতো পঞ্চায়ত সভানেত্ৰী অজিদা বেগমে ধন আত্মসাৎ কৰাৰ কথা ব্যক্ত কৰে । লগতে ইন্দিৰা আৱাস যোজনাৰ গৃহৰ নামত দুখীয়া ৰাইজৰ পৰা ১০ পৰা ১৫ হাজাৰ টকালৈকে উৎকোচ লোৱা বুলি ৰাইজে মুকলি অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী কৰাত নেতাগৰাকীয়ে বিহিত ব্যৱস্থাৰ বাবে দলৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে । উল্লেখ্য যে বিধায়ক শিলাদিত্য দেৱ, সাংসদ বিজয়া চক্ৰৱৰ্তী আদিয়ে ধাৰাবাহিকভাৱে মুছলমানক উদ্দেশ্যি নানান মন্তব্য কৰি থকাৰ সময়তো কিন্তু বিজেপিৰ একাংশ নেতাৰ প্ৰতি যে সংখ্যালঘু ৰাইজে আস্থা হেৰুৱা নাই বুলি চৰ্চা হোৱা দেখা যায় আলোচনা সভালৈ অহা কেইবা শতাধিক ৰাইজৰ মাজত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close