শীৰ্ষৰাষ্ট্ৰীয়

“ৰেইড” আৰু “পেডমেনক” চেৰ পলাই ২০১৮ বৰ্ষৰ দ্বিতীয় স্থানত “বাগী ২”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰঃ টাইগাৰ শ্বৰফ আৰু দিশা পাটনানী অভিনীত “বাগী-২” ৰ এক্সনে অৱশেষত দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল৷ বক্স অফিচত এই ছবিখনে প্ৰথম দিনাই উপাৰ্জন কৰে ২৫.১০ কোটি টকা৷ ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে এই ছবিখনে ৩ দিনত ৭৩.১০ কোটি টকা উপাৰ্জনেৰে ছবিখনৰ বাজেট অতিক্ৰম কৰাৰ লগতে ছৱিখনে ইতিমধ্যে লাভালাভৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে আৰু অজয় দেৱগনৰ ছবি “ৰেইড” আৰু অক্ষয় কুমাৰৰ “পেডমেন”ক চেৰ পেলাই সপ্তাহত সৰ্বাধিক উপাৰ্জন কৰা ২০১৮ চনৰ দ্বিতীয় ছবি হিচাপে বিবেচিত হৈছে৷

উল্লেখ্য যে “বাগী ২”ৰ পূৰ্বে তিনিটা ভাষাত মুক্তি দিয়া “পদ্মাৱত” সপ্তাহত ১১৪ কোটি টকা উপাৰ্জন কৰি ২০১৮ বৰ্ষত ছপ্তাহৰ শ্ৰেষ্ঠ উপাৰ্জনকাৰী ছবি হিচাপে বিবেচিত হৈছিল৷ আনহাতে “ৰেইডে” উপাৰ্জন কৰিছিল ৪১.০১ কোটি আৰু “পেডমেনে” উপাৰ্জন কৰিছিল ৪০.০৫ কোটি টকা৷ ইয়াৰ বিপৰীতে ৬০ কোটি টকা ব্যয়ৰে নিৰ্মিত ছবি “বাগী ২”য়ে মুক্তিৰ প্ৰথম দিনা ২৫.১০, দ্বিতীয় দিনা ২০.৪০ আৰু দেওঁবাৰে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰে ৩০ শতাংশ বেছিকৈ ২৭.৬০ কোটি টকাৰে মূঠ ৭৩.১০ কোটি টকা উপাৰ্জনেৰে “পদ্মাৱত”ৰ পিছতে সপ্তাহত বেছি উপাৰ্জনকাৰী ছবিৰ ভিতৰত ২০১৮ চনৰ দ্বিতীয় ছবি হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close