নিবন্ধশীৰ্ষ

মই সোণালী সৰকাৰে কৈছোঁ

মাছুদ হক:

সোণালী সৰকাৰ নামৰ প্ৰতিভা এটা সময়ৰ সোঁতত নোহোৱা হৈ গৈছিল এদিন। ঠিক নোহোৱা হৈ গৈছিল বুলি ক’লে ভুল কৰা হ’ব। নিঃশেষ কৰি দিয়া হৈছিল তেওঁক। সেই প্ৰতিভাৰ অকালমৃত্যুৰ পাছত আমি বিচাৰিছিলো ন্যায়। দোষীৰ শাস্তি। এম চি কলেজৰ ছাত্ৰ ছাত্ৰী তথা সমগ্ৰ বৰপেটাবাসী ৰাইজে উঠি পৰি লাগিছিল সোণালী সৰকাৰৰ ন্যায় সুনিশ্চিত কৰিবলৈ। প্ৰশাসনে কথা দিছিল। প্ৰতিশ্ৰুতি আছিল ১৫ দিনৰ…। সেই সময়ৰ বৰপেটা জিলাৰ জ্যেষ্ঠ বিচাৰপতি পুলক পাটগিৰি ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিল যে ১৫ দিনৰ ভিতৰত দোষীক কৰায়ত্ত কৰা হ’ব আৰু ন্যায়িক তদন্তৰ ফলাফল ৰাজহুৱা কৰা হ’ব।

কিন্তু আজি এটা বছৰ পাৰ হৈ গ’ল। এবছৰ পিছত যদি ঘটনাটোলৈ ঘূৰি যাওঁ, সকলো ব্যৰ্থ যেন লাগে। দোষীয়ে শাস্তি নাপালে, সোণালী সৰকাৰে ন্যায় নাপালে। কন্যাৰ দুখদায়ক মৃত্যুৰ কিছুদিন পিছতে তেওঁৰ ৰোগাক্ৰান্ত মাতৃয়েও মৃত্যুবৰণ কৰে। ক’বলৈ গ’লে তেওঁৰ পৰিয়ালটো এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছে। অসহায় হৈ পৰা পৰিয়ালটোৰ কাষত নাই কোনো। এনে কিছুমান ঘটনাই সমগ্ৰ ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা লঘু কৰে। সোণালীৰ মৃত্যুৰ এবছৰ পিছত আমি তেওঁক আকৌ স্মৰণ কৰিছোঁ। জনতাৰ আস্থা ঘূৰাই আনিবলৈ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনে সাহস কৰিবনে?

মই সোণালী সৰকাৰে কৈছোঁ

মই মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিক (ৰসায়ন)ৰ এগৰাকী ছাত্ৰী। বৰ্তমান মোৰ বয়স ১৯ বছৰ। দুচকুত বহুত সপোন লৈ দিন-ৰাতি একাকাৰ কৰি পঢ়া-শুনা কৰি এগৰাকী ডাঙৰ মানুহ হৈ সুস্থ সমাজ গঢ়িবৰ ইচ্ছা মোৰ প্ৰবল। ছাৰ-বাইদেউসকলে মোক বহুত অনুপ্ৰাণিত কৰিছিল ভাল ৰিজাল্ট কৰিব পাৰিম বুলি। আৰু তেওঁলোকক মই নিৰাশ কৰা নাছিলো। প্ৰতিবাৰেই সুন্দৰ নম্বৰেৰে উত্তীৰ্ণ হৈ তেওঁলোকৰ আশাক বাস্তৱায়িত কৰিছিলো। দেউতাৰ মুখত সেই আনন্দ দেখি আৰু বেছি অধ্যয়নত নিমগ্ন হ’লোঁ। ঘৰৰ মৰম, সমনীয়াৰ সহযোগিতা; এনেদৰেই হাঁহি-ফূৰ্তিৰ মাজেৰে এটি সুন্দৰ জীৱন অতিবাহিত হৈ আছিল।

বেমাৰ সকলোৰে কম-বেছি পৰিমাণে হৈ থাকে। মোৰো হৈ গ’ল আৰু। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ ডাক্তৰৰ ওচৰত চিকিৎসা কৰাৰ পিছত গম পোৱা গ’ল যে মোৰ গল ব্লাডাৰ ষ্ট’ন হৈছে। গতিকে অ’পাৰেচন কৰাটো জৰুৰী। ইফালে দেউতাৰ  হাতত পইচাও বেছি নাই যদিও কোনো অসুবিধা নাই। কাৰণ শুনিছোঁ চৰকাৰী হাস্পতালবোৰত অতি কম খৰচতে জটিল অস্ত্ৰোপ্ৰচাৰবোৰ কৰা হয়। গতিকে সাহস পাই মেডিকেলত ভৰ্তি হ’লোঁ। ভয় লাগিছিল যদিও দেউতাই সাহস দিছিল সাধাৰণ অ’পাৰেচন, একো চিন্তা কৰিব লগা নাই। যথাসময়ত অ’পাৰেচনৰ প্ৰস্তুতি আৰম্ভ হ’ল। মোক বিচনাত শুৱাই নাকত কিবা এটা ধৰিলে, যাক এনাছঠেছিয়া বুলি কয়। তাৰ পিছত মই আৰু একো ক’ব নোৱাৰোঁ।

পিছত সাৰ পাই দেখিলোঁ, মোক এটি বন্ধ কোঠালিত সুমুৱাই থোৱা হৈছে। মোৰ নাকেদি কেইডালমান পাইপ সুমুৱাই থোৱা আছে। কাষতে মনিটৰ এটাত কিবা কিবি লিখা উঠি আছে। কিছুসময় পিছে পিছে ডাক্তৰ আৰু নাৰ্চ এগৰাকী আহে আৰু কিবা কিবি চাই যায়। মই বহুত চেষ্টা কৰিলোঁ সুধিবৰ বাবে যে মোৰ কি হৈছে, কিন্তু একো নুশুনে তেওঁলোকে। মাজে মাজে দেউতা আৰু বন্ধুবোৰে কোঠাটোত মোক চাবলৈ আহে। দেউতাই যিকেইবাৰেই মোৰ ওচৰলৈ আহে, প্ৰতিবাৰেই তেওঁৰ চকু চলচলীয়া কৰি যায়। লাহে লাহে মোৰ ভয় ভাব হ’ল। কাৰণ মই দেউতাক মাতিলে, বন্ধুক মাত দিলে একো নুশুনে। বিৰক্তিও পাইছিলো।

এনেদৰে থাকোতে থাকোতে হঠাৎ এসময়ত ডক্টৰে আহি মোৰ শৰীৰত লগাই থোৱা বৈদ্যুতিক সামগ্ৰীখিনি খুলি দিলে। ভাল লাগিল যে এতিয়া ঘৰলৈ যাব পাম। মাই মোৰ কাৰণে বাট চাই আছে, সমনীয়াই ৰৈ আছে। ঘৰলৈ গৈ আকৌ আগৰ দৰে ব্যস্ততা আহি পৰিব। গুৱাহাটীৰপৰা ঘৰলৈ আহোঁতে গাড়ীৰ খিৰিকীৰে গোটেই বাটটো চাই চাই আহিছিলোঁ। শান্ত পৰিৱেশ। মাজে মাজে বৰষুণ। বৰ ভাল লাগিছিল।

কিছুসময় পিছত ঘৰ আহি পালোঁ। দেখিলো বহুত মানুহ ৰৈ আছে মোক চাবলৈ। কিন্তু হঠাতে চাৰিওফালৰপৰা কান্দোনৰ ৰোল। ভয় লাগি গৈছিল। মা, দেউতা,ভণ্টি সকলোৱে কান্দি আছিল আৰু আন বহুতেও। মাই একো নকয়। সিদিনা মই একো এটা ধৰিবই নোৱাৰিলোঁ।

এনেদৰে ৰাতিটো পাৰ হ’ল। ৰাতিপুৱা প্ৰায় দহমান বজাত পুষ্পসজ্জিত বাহন এখনত তুলি মোক লৈ যোৱা হ’ল মই অধ্যয়নৰত মহাবিদ্যায়খনলৈ। মোৰ হাইস্কুলখনলৈ। আগে আগে মই উঠা বাহনখন, পিছে পিছে মোৰ মহাবিদ্যালয়ৰ দাদা বাইদেউ আৰু সমনীয়া আৰু আন  অজস্ৰ জনতা।

গৈ গৈ শেষত ওচৰৰে নদীৰ পাৰ পালোহি। মোক দাঙি নি কাঠ-খৰিৰে সজা এটি সজ্জাৰ  ওপৰত শুৱাই দিয়া হ’ল। ইছ… এতিয়াহে মূৰত ধৰিছে। ও…মই আৰু নাই। অন্ত পৰিল সোণালী সৰকাৰৰ ১৯ বছৰীয়া এটি অধ্যায়। পিছে মা-দেউতা, তোমালোকক এৰি যাবৰ মন নাই। আইতাৰ কোলাত আকৌ এবাৰ শুবলৈ মন আছে, দেউতাক সাৱটি ধৰি ভণ্টিক খং তুলিবৰ মন গৈছে, দেউতাই তাইতকৈ মোকহে বেছি মৰম কৰে!

মোৰ বন্ধু-বান্ধৱ, তোমালোকৰ লগত কৰা সেই কৌতুকবোৰত আকৌ জোৰে জোৰে হাঁহিবলৈ ইচ্ছা গৈছে। হে ভগবান! আৰু কিছু সময় দিয়া মোক। দেউতা মোৰ পাগল হৈ যাব; মা মোৰ কেন্সাৰৰ লাষ্ট ষ্টেজত আছে, কিছুসময় মাৰ লগত কটাবলৈ দিয়া; ভণ্টিয়ে ইমান দিনে বহুত কথা মনৰ ভিতৰত সাঁচি থৈ দিছে মোক ক’বলৈ, তাইৰ কথাবোৰ শুনিবলৈ অলপ সময় দিয়া। ভগৱান প্লিজ…

চিতাৰ জুই দপদপকৈ জ্বলি উঠিল, মোৰ ধাৰাসাৰ অশ্রুধাৰাও বিফল হ’ল তাক নুমাবলৈ। ক্ষমা কৰিবা পৃথিৱী! যাওঁ মই!

কিন্তু যোৱাৰ আগতে সকলো লৈ প্ৰশ্ন এটা থৈ গ’লো,পাৰিলে তাৰ উত্তৰ বিচাৰিবা। মই মৰিলোঁ নে মোক মৃত্যু দিয়া হ’ল? পাৰিলে মোৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াই নিজকে চম্ভালিবা। আকৌ এবাৰ লগ পোৱাৰ আশাৰে, পৃথিৱী বিদায় ল’লোঁ!

মই

সোণালী

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close