শেহতীয়া
Home / বিনোদন / অসমীয়া সংগীতত আন এক প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ চয়নিকা

অসমীয়া সংগীতত আন এক প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ চয়নিকা

লাহি লাহি ওঁঠে’, ‘তোমাৰ সপোনতে’, ‘গোলমাল’, ‘দেহা ঐ’, ‘মৰমৰে লুকাভাকু আদি জনপ্ৰিয় গীতেৰে অতি কম সময়ৰ ভিতৰতে অসমৰ সংগীতপ্ৰেমী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ প্ৰতিভাশালী কন্ঠশিল্পী চয়নিকা কলিতাই। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন শিল্পীগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে প্ৰমিলা দত্ত মেধিয়ে।

 প্ৰমিলা দত্ত মেধি: আপোনাৰ সংগীত জীৱনৰ আৰম্ভণি?

চয়নিকা কলিতা: সংগীত জীৱনৰ আৰম্ভণি বুলি ক’বলৈ গ’লে মই সাত বছৰ বয়সৰপৰাই আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষাগ্ৰহণ কৰিছিলো। স্কুলীয়া জীৱনত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰাৰ লগতে ছাৰ-বাইদেউসকল তথা বিভিন্নজনৰ অনুপ্ৰেৰণাত মই সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ উৎসাহিত হৈছিলো।

সংগীতৰ শিক্ষা ক’ত গ্ৰহণ কৰিছিল ?

মোৰ জন্ম হৈছিল বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পাটাছাৰকুছিত। তাতেই মই সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিলো শ্ৰদ্ধাৰ শিক্ষাগুৰু নিৰঞ্জন দাস ছাৰৰ ওচৰত। মই অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ সময়ত মা-দেউতাৰ লগত গুৱাহাটীলৈ আহোঁ আৰু ইয়াৰ পিছতে ক্ৰমে তৰালী শৰ্মা বাইদেউ আৰু দিগন্ত ভাৰতী ছাৰৰ ওচৰত সংগীতৰ শিক্ষাগ্ৰহণ কৰোঁ। বৰ্তমান মই শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰি অসমৰ এগৰাকী আগশাৰীৰ শাস্ত্ৰীয় সংগীতশিল্পী প্ৰজ্ঞান বৰুৱা ছাৰৰ তত্ত্বাৱধানত নিপুনৰ শিক্ষাগ্ৰহণ কৰি আছোঁ। ইয়াৰ উপৰি বিশিষ্ট শিল্পী প্ৰভাত শৰ্মাদেৱেও মোক বিভিন্ন সময়ত সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাই আহিছে।

আপোনাৰ সংগীত জীৱনত পৰিয়ালৰ অৱদানৰ বিষয়ে দুআষাৰ ?

আমাৰ পৰিয়ালত সংগীত চৰ্চা কৰা তেনেকুৱা কোনো বিশেষ ব্যক্তি নাছিল। মই ৩য় শ্ৰেণীত থাকোতেই ঘৰলৈ দেউতাই ফিলিপছৰ এটা টেপ ৰেকৰ্ডাৰ আনিছিল। তাতেই মই ডঃ ভূপেন হাজৰিকা, লতা মংগেশকাৰ, দীপালী বৰঠাকুৰ, খগেন মহন্ত, জুবিন গাৰ্গ আদি শিল্পীসকলৰ গানবোৰ শুনিছিলো। …আৰু ক্ৰমান্নয়ে সংগীতৰ স’তে এটি এৰিব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছিল। সংগীত জগতত প্ৰতিটো খোজতে মোৰ মায়ে মোক সদায় উৎসাহিত কৰি আহিছে। গান লিখাৰ ক্ষেত্ৰত দাদাৰপৰা অনুপ্ৰেৰণা পাইছোঁ। ইয়াৰ উপৰি পৰিয়ালৰ আন আন সদস্যসকলেও বিভিন্ন সময়ত মোক সহায়-সহযোগিতা আগবঢ়াই আহিছে।

‘তোমাৰ সপোনতে’ এলবামটোৰ বিষয়ে দুআষাৰ ?

‘তোমাৰ সপোনতে’ মোৰ জীৱনৰ প্ৰথম এলবাম। এই এলবামটোত ৮ টা গীত সন্নিবিষ্ট হৈছে। ‘তোমাৰ সপোনতে’ গীতটোৰ কথা আৰু সুৰ মোৰ নিজৰ। এইটো গীতৰ ভিডিঅ’ত মই অভিনয়ো কৰিছিলো। এলবামটোৰ বাকীবোৰ গীত ক্ৰমে দিগন্ত ভাৰতী, তৰালী শৰ্মা, গৌতম শৰ্মা আৰু প্ৰাণজিৎ কলিতাৰ আছিল। প্ৰতিটো গীতে শ্ৰোতা ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। তৰালী শৰ্মা বাইদেউৰ সংগীত ব্যৱস্থাপনাই এলবামটোক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

কেনেকুৱা ধৰণৰ গীত আপোনাৰ প্ৰিয় ?

মোৰ মতে সংগীতৰ কোনো নিৰ্দিষ্ট ৰূপ বা ধৰণ নাথাকে। সমাজৰ যিকোনো বিষয়ক লৈ গীতিকাৰে অৰ্থৱহ শব্দৰে গঢ়া আৰু সুৰকাৰ, কণ্ঠশিল্পী আৰু অন্যান্য কলা-কুশলীৰ সৃষ্টিশীল পৰশত প্ৰাণ পাই উঠা প্ৰতিটো গীতেই সংগীতপ্ৰেমী ৰাইজৰ মনত সাঁচ বহুৱাব পাৰে।

আপোনাৰ প্ৰিয় শিল্পী?

প্ৰিয় শিল্পী বুলি ক’বলৈ গ’লে আচলতে তালিকাখন বহুত দীঘলীয়া হ’ব। প্ৰত্যেকগৰাকী জনপ্ৰিয় শিল্পীৰেই তেওঁলোকৰ নিজা কিছুমান বিশেষত্ব আছে আৰু এইবোৰ ৰাইজে আদৰি লৈছে। তাৰ ভিতৰত প্ৰিয় শিল্পী বুলি ক’বলৈ গ’লে মোৰ প্ৰথমে মনলৈ আহে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ নাম। লতাজীৰ গানবোৰো মোৰ খুব প্ৰিয় আৰু মই তেওঁৰ গানবোৰ শুনি মানসিক প্ৰশান্তি লাভ কৰোঁ। শ্ৰেয়া ঘোষালৰ কণ্ঠই মোক মুগ্ধ কৰে। আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ গানবোৰ শুনি বহুত কথা শিকিছোঁ, তেওঁৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তৰালী শৰ্মা বাইদেউৰ গানবোৰো মোৰ খুব প্ৰিয়।

মঞ্চত প্ৰথম গান গোৱাৰ অভিজ্ঞতা?

মই তৃতীয় শ্ৰেণীত থাকোতে স্কুলৰ ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম মঞ্চত উঠিছিলো আৰু ‘ৰৈ ৰৈ কেতেকী বিনাই ঐ’-এই গানটো গাইছিলো। প্ৰতিযোগিতাখনত মই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো আৰু সকলোৱে মোক আগবাঢ়ি যাবলৈ উৎসাহ দিছিল। সেই দিনটোৰ কথা মনত পৰিলে মই আজিও ৰোমাঞ্চিত হৈ উঠোঁ।

আপোনাৰ সদ্য মুক্তিপ্ৰাপ্ত ‘লাহি লাহি ওঁঠে’ গীতটোৰ বিষয়ে কি ক’ব?

‘লাহি লাহি ওঁঠে’ গীতটোৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ, সংগীত পলাশ সূৰ্য গগৈৰ। লগতে ইবছন লাল বৰুৱাৰ শব্দ সংমিশ্ৰণে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে। গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছে বিবেক আৰু অনন্যাই। ইতিমধ্যে গীতটোৰ লগতে ভিডিঅ’টোৱে শ্ৰোতা-দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।

 

সংগীতৰ বাহিৰেও আপোনাৰ শিক্ষাজীৱনৰ বিষয়ে জানিব বিচাৰিম।

মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰপৰা কলা শাখাত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ২০১৮ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ।

ভৱিষ্যত পৰিকল্পনা?

গান গোৱাৰ লগতে নতুন নতুন ধাৰণাৰে গান লিখি সুৰ কৰাৰ ইচ্ছা আছে। ভৱিষ্যতে মিউজিক একাডেমী এখন আৰম্ভ কৰাৰ সপোন পুহি ৰাখিছোঁ। চাওঁ কি হয়!

Leave a Reply

Your email address will not be published. Required fields are marked *

*