অসমশীৰ্ষ

গদুকাৰ ভাইৰেল ভিডিঅ’ নকল নেকি? টীয়ক কাণ্ডৰ নতুন মোৰ, অসম্পাদিত ফুটেজ দেখুৱাবলৈ আহ্বান গদুকাৰ

টীয়কৰপৰা সমীৰণ বৰঠাকুৰৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ: সুৰেশ ৰঞ্জন গদুকাৰ ভাইৰেল হৈ পৰা ভিডিঅ’ প্ৰকৃততে সম্পাদিত নেকি? সম্প্ৰতি এনে এক প্ৰশ্ন উত্থাপিত হৈছে টীয়কৰ বহুচৰ্চিত ঘটনাটোৰ পাছত।

উল্লেখ্য যে, টীয়কৰ ফুড ভিলাত সংঘটিত হোৱা মাৰপিটৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কাৰণ ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰিছিল সুৰেশ ৰঞ্জন গদুকাৰ নাম৷

নিৰামিষ খাদ্য বিচাৰি হোটেলত সোমাওতেই আমিষ খাদ্য যোগান ধৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হতাহতিৰ প্ৰতিক্ৰিয়া ৰাজপথ পৰ্যন্ত পাইছিল৷ সংবাদ মাধ্যমত বিস্তৃত ৰূপত প্ৰকাশ পোৱাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া৷ হোটেলৰ  পক্ষৰ অভিযোগ মতে সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি মালিক আৰু মেনেজাৰক প্ৰহাৰ কৰিছিল বুদ্ধিজীৱীজনে৷ তাৰ পিছত উক্ত ঘটনাৰ চিচিটিভিৰ ফুটেজ ভাইৰেল হৈছিল ছচিয়েল মেডিয়াত৷

এই ঘটনাত জড়িত দোষীয়ে শাস্তি পাব লাগে বুলি দাবী তোলাৰ সময়তে এটা ফেচবুক প’ষ্টৰ পিছত বিষয়তোৱে নতুন মোৰ লৈছে৷ অভিযোগ অনুসৰি চিচি টিভিৰ ফুটেজ সম্পাদিত ৰূপত দেখুওৱা হৈছে৷ ইফালে, ঘটনাৰ সকলো দৃশ্য অসম্পাদিত ৰূপত দেখুওৱাবৰ বাবে আহবান সুৰেশ ৰঞ্জন গদুকাৰ৷ তেওঁ এই কাণ্ডক লৈ আইনৰ সহায় ল’ব বুলিও উল্লেখ কৰিছে৷ কিন্তু প্ৰকৃততে কাৰ অভিযোগ সত্য৷ সেয়া তদন্তৰ শেষতহে জানিব পৰা হ’ব৷

আগৰাতি পলমকৈ ঘৰৰ পৰা গম পালোঁ মাৰ গা বেছি বেয়া। কঁপি কঁপি ৰাতিটো পাৰ কৰিলোঁ, বিছনালৈ নগ'লোঁৱেই, পুৱা ৭ বজাত চাহকাপো…

Gepostet von Suresh Ranjan Goduka am Mittwoch, 4. April 2018

Related Articles

Leave a Reply

Close