Home / অসম / অখিল গগৈৰ কথাত অসম নচলে, কামাখ্যা প্ৰসাদ তাছা

অখিল গগৈৰ কথাত অসম নচলে, কামাখ্যা প্ৰসাদ তাছা

 

নিউজ ডেস্ক, প্ৰথম খবৰ: অখিল গগৈৰ আন্দোলনৰ উদ্দেশ্য বেলেগ বুলি কৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত অন্য সংগঠনৰ উদ্দেশ্যৰ লগত অখিলৰ আন্দোলনৰ কোনো সাদৃশ্য নথকাৰ কথা উল্লেখ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷

বিধেয়কক লৈ হুলস্থূল কৰাৰ কোনো কাৰণ নথকাৰ কথা উল্লেখ কৰি অখিলে অমিত শ্বাহক ক’লা পতাকা দেখুওৱাৰ বিষয়েও মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে৷ অখিলৰ আন্দোলনক চৰকাৰে কোনো কেৰেপ নকৰাৰ কথা কৈ অসমৰ ৰাইজৰ কথাক গুৰুত্ব প্ৰদান কৰিবলৈহে অসমত ৰাজনীতি কৰাৰ কথা উল্লেখ কৰে সাংসদ তাছাই৷

ইয়াৰ উপৰিও জুবিন প্ৰসংগত মন্তব্য আগবঢ়াই সাংসদ তাছাই কয় যে জুবিনো অসমীয়া আৰু অনুষ্ঠান পৰিবেশনত বাধা দিয়াসকলো অসমীয়া, এনে সমস্যাৰ সৃষ্টি হ’লে নিজৰ মাজতে সমস্যা সমাধান কৰা উচিত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*