গল্পযুৱসাহিত্য

অনুত্তীৰ্ণসকল আৰু ‘জাবৰৰ সোণ’ৰ বাস্তৱ গল্প

নীলিম আকাশ কাশ্যপ

(১)
প্ৰতিবাৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ বা ভাল ফলাফলেৰে উত্তীৰ্ণসকলৰ প্ৰশংসাত আমি ফলাফল ঘোষণাৰে পৰা পঞ্চমুখ হৈ পৰোঁ ৷ তেওঁলোকৰ মেধাক লৈ গৌৰৱ কৰোঁ, সম্ভাষণ জনাওঁ ৷ উচ্চ নম্বৰেৰে ভৰা তেওঁলোকৰ মাৰ্কশ্বিটৰ দোহাই দি আমি কওঁ-এওঁলোক আমাৰ দেশৰ ভৱিষ্যত ৷ কিন্তু একেখিনি সময়ত আমি অনুত্তীৰ্ণসকললৈ চকু নিদিওঁ৷ যিসকলে দিওঁ,সেই দৃষ্টিতো লুকাই থাকে পুতৌ,বিৰাগ ভাব আদিহে ৷ পৰিয়ালে,সমাজেও ৷ সেই দৃষ্টিয়ে ক’ব খোজে-তেওঁলোক জাবৰ,ভৱিষ্যতহীন অনুত্তীৰ্ণসকল! হাইস্কুল শিক্ষান্তৰ দৰে সদৃশ ছবিখন দেখা যায় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোতো ৷
(২)
অনুত্তীৰ্ণসকল সঁচাকৈয়ে সমাজৰ জাবৰ? ভৱিষ্যতহীন তেওঁলোক? ওহোঁ,নহয় ৷ উত্তৰৰ সমৰ্থনত আগবঢ়াইছোঁ মাথোঁ দুটা ‘success after failure’গাঁথা, যি দুটা ‘বাস্তৱ গল্প’ তেনেই নতুন ৷ দুয়োটা ঘটনা মুম্বাইৰ ৷
মায়ানগৰীৰ শ্যেম্বুৰ নিবাসী ২৯ বছৰীয়া শ্ৰীনিবাসী মাক্কানীয়ে দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ হৈছিল ৷ দুবাৰকৈ ৷ মাক্কানিক তেওঁ পঢ়া নৱীৰ মহাবিদ্যালয়খনৰ পৰা বহিষ্কৃত কৰা হৈছিল ৷ কিন্তু তেওঁ তথাপি ভাগৰি পৰা নাছিল ৷ মাক-দেউতাকক বুজাইছিল-তেওঁ পাৰিব৷ ঘৰৰ লোকে মাক্কানিৰ কথা মানিছিল৷ অন্য এখন শিক্ষায়তনত নামভৰ্তি কৰাইছিল তেওঁৰ,মাক্কানিৰ ইচ্ছামতে বিজ্ঞান শাখাত ৷ কথা ৰাখিছিল শ্ৰীনিবাস মাক্কানীয়ে ৷ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত পৃথকে দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দুবাৰকৈ fail কৰা শ্ৰীনিবাস মাক্কানি সম্প্ৰতি মুম্বাইৰ ‘ঘেটক’প্পাৰ কলেজ’ত অধ্যাপক হিচাপে কৰ্মৰত ৷
ৰিদ্ধি মেমায়াৰ বৰ্তমান বয়স ২৭ বছৰ ৷ ছেল্ফি উঠি ভাল পোৱা, অনবৰতে মুখত হাঁহি কঢ়িয়াই ফুৰা ৰিদ্ধি আজিৰ মুম্বাইৰ এটা চিনাকি নাম ৷ কিন্তু ৰিদ্ধিয়েও নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল ৷ নৱমত অনুত্তীৰ্ণ হোৱাত private institution এখনৰ পৰা তেওঁ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিছিল, কিন্তু সফলতা পোৱা নাছিল ৷ তাৰ পিচতো ভাঙি নপৰা ৰিদ্ধিয়ে পুনৰ পৰীক্ষা দি ‘কিবাকৈ’ উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত KC College of Management Studies নামৰ শিক্ষানুস্থানখনৰ পৰা জনসংযোগ বিষয়ত স্নানকোত্তৰ ডিগ্ৰী লয় ৷ তাৰ পিছতে নিজাববীয়াকৈ event managementৰে জড়িত হোৱাৰ উপৰি তেওঁ ‘ইণ্ডাছ কমিউনিকেছন’ত জনসংযোগ বিষয়া হিচাপে চাকৰি লাভ কৰে ৷ তাৰ পিছত কেইমাহমান ‘দ্য আইডিয়া বক্স কমিউনিকেছন’তো একেই পদত চাকৰি কৰা যুৱতীগৰাকী সম্প্ৰতি মুম্বাইৰ বিখ্যাত PR Agency ‘দে টেল্ছ’ৰ জ্যেষ্ঠ জনসংযোগ বিষয়া হিচাপে কৰ্মৰত ৷
(৩)
ৰিদ্ধি আৰু শ্ৰীনিবাসৰ জীৱনযাত্ৰাই কয় যে পৰীক্ষাত অনুত্তীৰ্ণ হোৱাটোৱেই সফলতাৰ হেঙাৰ নহয় ৷ মাথোন থাকিব লাগে মনোবল,একাগ্ৰতা,সুনিৰ্দিষ্ট লক্ষ্য আৰু লক্ষ্যপ্ৰাপ্তিৰ বাবে কৃচ্ছ্ৰ সাধনা কৰিবৰ মানসিক শক্তি ৷ সমান্তৰালভাৱে বিশ্বাস কৰোঁ যে জাবৰ, ভৱিষ্যতহীন বুলি পৰীক্ষাত অনুত্তীৰ্ণসকলক ককৰ্থনা কৰাতকৈ অলপ প্ৰেৰণা, মানসিক সাহস দিলেই সম্ভাৱনা নথকা নহয় তেওঁলোকৰ মাজৰ বহুজনো জীৱনৰ পৰৱৰ্তী খোজত উজলি উঠাৰ, হৈ পৰাৰ ‘জাবৰৰ জীৱন্ত সোণ’ ৷

ঠিকনা:
নীলিম আকাশ কাশ্যপ
গোপাল বজাৰ
নলবাৰী-৭৮১৩৩৫
ফোন: ৭৬৬৩৯৫৭৫০০

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close