শীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অশান্ত পশ্চিমবংগ! পঞ্চায়ত নিৰ্বাচনৰ দিনাখনেই উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,প্ৰথম খবৰ:  সোমবাৰে পশ্চিম বংগত অনুস্থিত হৈছে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচন৷ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়তে ৰাজ্যখনৰ কেইবাখনো জিলাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি৷ শাসক-বিৰোধীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলাত কেইবাগৰাকীও লোক আহত হৈছিল৷ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ৰ পৰিস্থিতি লক্ষ্য কৰি নিৰ্বাচনৰ সময়তো অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছিল৷ দেওবাৰে নিশা পশ্চিম বংগৰ কাকদ্বীপৰ কাছাৰিবাৰীত সংঘটিত হয় ভয়াবহ ঘটনা৷ কাছাৰিবাৰীৰ নানখানাৰ বুধখালি গাঁও পঞ্চায়তৰ ২১৩ নং ভোটগ্ৰহণ কেন্দ্ৰৰ চিপিএম কৰ্মী এজনৰ ঘৰত কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে৷ ফলত নিদ্ৰাৰত অৱস্থাতে দেবু দাস আৰু তেওঁৰ পত্নী ঊষা দাস অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়৷ হাওৰা থনাৰ মনিগ্ৰাম অঞ্চলত চিপিএম-তৃণমূলৰ সংঘৰ্ষত ১৬ জন আহত হয়৷

এই ঘটনাৰ পাছতেই চিপিএম কৰ্মীয়ে তৃণমূললৈ সন্দেহৰ আঙুলি টোঁৱাইছে৷ চিপিএম আৰু শাসকীয় তৃণমূলৰ মাজত নিৰ্বাচনক লৈ বিবাদ চলি থকাৰ বাবেই চিপিএম কৰ্মী আৰু তেওঁৰ পত্নীক নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জ্বলাই দিয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ইফালে কোচবিহাৰৰ দিনহাটাত দুস্কৃতিকাৰীৰ বোমা বিস্ফোৰণৰ ফলত এগৰাকী তৃণমূল কংগ্ৰেছৰ কৰ্মী গুৰুতৰ ভাৱে আহত হয়৷তদুপৰি ৰায়গঞ্জৰ ৰায়পুৰত গুলিবিদ্ধ হৈ দুজন লোক আহত হয়৷ হাওৰা থনাৰ মনিগ্ৰাম অঞ্চলত চিপিএম-তৃণমূলৰ সংঘৰ্ষত ১৬ জন আহত হয়৷ কোচবিহাৰ বক্সিহাট থানাৰ মহিষকুচিত তৃণমুল কৰ্মীয়ে আক্ৰমণ চলাই প্ৰভাত অধিকাৰী নামৰ এগৰাকী বিজেপি পোলিং এজেন্টক গুৰুতৰ ভাৱে আহত কৰে৷ জলপাইগুৰিৰ  চিকাৰপুৰৰ এটি ভোটগ্ৰহণ কেন্দ্ৰৰ বেলট বাকচ জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close