অসমশীৰ্ষ

অসম আৰক্ষীত সালসলনি

নিউজ ডেস্ক, প্ৰথম খবৰ: অসম আৰক্ষীত বৃহস্পতিবাৰে সালসলনি ঘটে কেইবাজনো বিষয়াৰ। সালসলনি ঘটা বিষয়াসমূহৰ ভিতৰত আছে আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক দীপক কুমাৰ, আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত, সীমান্তৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বি কে মিশ্ৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক প্ৰধান এ পি ৰাউট।

ইয়াৰে দীপক কুমাৰক আইন-শৃংখলাৰ মহাপৰিদৰ্শক হিচাপে, আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্তক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে, সীমান্তৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বি কে মিশ্ৰক চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব প্ৰদান কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক প্ৰধান এ পি ৰাউটকো প্ৰদান কৰা হয় নতুন দায়িত্ব।

Related Articles

Leave a Reply

Close