শেহতীয়া
Home / অসম / আজি বীৰ শ্বহীদ ভাস্কৰ কলিতাৰ আদ্যশ্ৰাদ্ধ,উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া

আজি বীৰ শ্বহীদ ভাস্কৰ কলিতাৰ আদ্যশ্ৰাদ্ধ,উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া

প্ৰথম খবৰ,মিৰ্জা:আজি বীৰ শ্বহীদ প্ৰয়াত ভাস্কৰ কলিতাৰ আদ্যশ্ৰাদ্ধ। ৰাতিপুৱাই কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পত্নী সংগীতা কলিতাৰ লগতে আত্মীয়-কুটুম্ব তথা আৰক্ষীৰ লোকে। ইয়াৰ পিছত ভাস্কৰ কলিতাৰ সমাধিস্থলীত প্ৰাৰ্থনা , নাম-কীৰ্তন , ভক্তি মূলক গীতেৰে স্থানীয় মহিলা সকলে কলিতাক স্মৰণ কৰে। দিনজোৰা মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই আদ্যশ্ৰাদ্ধত অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে। এই পবিত্ৰ আদ্যশ্ৰাদ্ধতেই পৰিয়ালৰ লোকে পুনৰ বাৰ আলফাৰ বৰ্বৰ কাণ্ডক একেমুখে গৰিহণা দিয়াৰ লগতে ভাস্কৰ কলিতাৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্তক আটক কৰি উচিত ন্যায় বিচাৰ কৰিবলৈ অসম চৰকাৰ তথা অসম আৰক্ষীক আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*