আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ইজৰাইলত জাপানৰ প্ৰধানমন্ত্ৰীৰ বাবে জোতাত চকলেট পৰিৱেশন, বিশ্বজুৰি বিতৰ্ক

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: জাপানৰ প্ৰধানমন্ত্ৰী ছিংজ’ আবে আৰু তেওঁৰ পত্নীৰ শেহতীয়া ইজৰাইল ভ্ৰমণে সূচনা কৰিছে এক বিতৰ্কৰ। ডিনাৰ পাৰ্টীৰ নামত জাপানৰ প্ৰধানমন্ত্ৰীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহু আৰু তেওঁৰ পত্নী ছাৰা নেতন্যাহুৰ বিৰুদ্ধে।

উল্লেখ্যে ২ মে’ত ইজৰাইল ভ্ৰমণৰ সময়ছোৱাত এক ডিনাৰ পাৰ্টীৰ আয়োজন কৰা হৈছিল। কিন্তু ডেজাৰ্টৰ ৰূপত পৰিৱেশন কৰা চকলেট পৰিৱেশন কৰা হ’ল জোতাৰ আকৃতিৰ ধাতুৰ পাত্ৰত। এনে অৱস্থাত অপ্ৰস্তুত হৈ পৰে জাপানৰ প্ৰধানমন্ত্ৰী।

প্ৰকৃততে জাপানত জোতাৰ স্থান অপমানজনক বুলি ধৰা হয়। কোনেও কাৰ্যালয়ত ভিতৰলৈ জোতা লৈ নাযায়। প্ৰধানমন্ত্ৰী আৰু আন আন মন্ত্ৰীসকলেও কাৰ্যালয়ত জোতা পিন্ধি প্ৰৱেশ নকৰে।

এনে অৱস্থাত জোতাৰ আকৃতিৰ পাত্ৰত চকলেট পৰিৱেশন কৰাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হোৱাটো স্বাভাৱিক। জাপানে এই ঘটনা অপ্ৰত্যাশিত বুলি মন্তব্য কৰাৰ সময়তে ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা বিভাগে বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে সেয়া তেওঁলোকৰ ছেফৰ উদ্ভাৱনীমূলক চিন্তা আৰু তেওঁক লৈ দেশখন গৌৰৱান্বিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close