অসমশীৰ্ষ

উপায়ুক্তৰ নিৰাপত্তাৰক্ষীয়ে পিটিলে চিকিৎসকক

নিউজ ডেস্ক,প্ৰথম খবৰ: যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। উপায়ুক্তৰ কোনো আত্মীয়ক অনা হৈছিল চিকিৎসাৰ বাবে। কৰ্মৰত অৱস্থাত থকা চিকিৎসক অৰিত্ৰ গুপ্তাই ৰোগীৰ নাম পঞ্জীয়ন কৰিবলৈ লওঁতেই আৰম্ভ হ’ল মাৰধৰ। উপায়ুক্তক চিনি নাই পোৱা বুলি অভিযোগ কৰি উপায়ুক্তৰ নিৰাপত্তাৰক্ষীয়ে পিটিলে চিকিৎসকজনক। ইতিমধ্যে চিকিৎসকজনে আৰক্ষী থানাত উপায়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে উপায়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close