Home / অসম /  এখন অৰ্ধনিৰ্মিত দলঙে আহুকালত পেলাইছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজক 

 এখন অৰ্ধনিৰ্মিত দলঙে আহুকালত পেলাইছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজক 

 

মাহমৰাৰ পৰা দীপক গগৈ, প্ৰথম খবৰ: এখন অৰ্ধনিৰ্মিত দলঙে জ্বলাকলা খুৱাইছে টিংখাঙৰ এক বৃহৎ অঞ্চলৰ ৰাইজক। টিংখাঙৰ মাহমৰা-বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰ-কোৰোকাণী গাঁৱৰ ৰাইজৰ বাবে এতিয়া ভালুকৰ সাঙিত পৰিণত হৈছে এইখন দল‌ং। বৰ-কোৰোকাণী , ঘাহি গাঁও , বচা গাঁও , শিহুমৰা , শ্ৰী-পুৰ আদি কেইবাখনো গাঁৱৰ সংযোগী পথটোৰ এই ঠাইত পূৰ্বতে আছিল এখন বাহৰ দলং। কিন্তু যোৱা ডিচেম্বৰ মাহত বাহৰ দলং গুচাই ১ লাখ , ২৮ হাজাৰ , ১১৯ টকাৰ পঞ্চায়তৰ পুঁজিৰে এই ঠাইত পকি দলঙৰ কাম আৰম্ভ হ’ল। ৱাৰ্ড মেম্বাৰ কিৰণ চাংমাইয়ে হাতত লৈছিল দলং নিৰ্মাণ কাম। পিচে দলঙৰ কাম আধৰুৱা হৈ থকা অৱস্থাতে হঠাৎ বন্ধ হৈ পৰিল দলং নিৰ্মাণৰ কাম। বিগত তিনি মাহে এনেদৰে অৰ্ধনিৰ্মিত অৱস্থাতে থাকিল দলংখন। যাৰ ফলত অঞ্চলবাসীৰ এতিয়া না জল-না স্থল অৱস্থা। বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে নিতৌ বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত নিতৌ যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে। জীয়াতু ভোগিবলগীয়া হৈছে অঞ্চলটোৰ ৰোগী-প্ৰসুতি , ব্যৱসায়ী তথা সৰ্বসাধাৰণ ৰাইজে। উল্লেখযোগ্য যে দলং নিৰ্মাণৰ কাম আধাতে সামৰি ৰাইজৰ ফালে পিঠি দিলে ঠিকাদাৰ ৰূপী ৱাৰ্ড সদস্য কিৰণ চাংমাইয়ে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খোৱা একাংশ ৰাইজে এই সন্দৰ্ভত মাহমৰা-বৰপথাৰ পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰাত দলঙৰ নামত আবন্টিত সমুদায় ধন‌ ৱাৰ্ড সদস্য গৰাকীয়ে আদায় লোৱাৰ তথ্য সদৰি কৰে পঞ্চায়তৰ সভাপতিয়ে। যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে অঞ্চলটোৰ ৰাইজৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*