অসম

এন আৰ চি সন্দৰ্ভত ৰূপহীহাটৰ চৰ এলেকাত নগাঁও প্ৰশাসনৰ সজাগতা সভা

 

ৰূপহীহাটৰপৰা এম আবু হানিফা, প্ৰথম খবৰ: এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ প্ৰকাশৰ দিন চমু চপাক লৈ নগাঁও প্ৰশাসনে শেহতীয়াকৈ অধিক সষ্টম হৈ পৰিছে। বুধবাৰে ৰূপহীহাটৰ বাঘটাপু চৰত নাগৰিক ৰঞ্জন সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰে। ৰূপহী ৰাজহ চক্ৰ বিষয়া দৰ্শনা চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত নগাঁও জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি , অতিৰিক্ত উপায়ুক্ত লাচিত দাস আৰু সীমান্ত আৰক্ষী বিষয়াই অংশ গ্ৰহণ কৰে। এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ প্ৰকাশক লৈ অতি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে। আনহাতে ছ’চিয়েল মিডিয়াৰ প্ৰতিও তীক্ষ্ণ নজৰ ৰখাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকজনে৷ লগতে এন আৰ চিক লৈ কোনোৱে আইন হাতত তুলিলে তেওঁলোকক কঠোৰভাৱে দমন কৰা হ’ব বুলি কয়। ডিভোটাৰ প্ৰসংগত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাখনত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close