উত্তৰ পূবশীৰ্ষ

এভাৰেষ্ট জয় কৰিলে ৪ সন্তানৰ মাতৃয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: মানুহৰ ইচ্ছা শক্তিৰ সন্মুখত কোনো সমস্যাই যে সফল হ’ব নোৱাৰে সেই কথাই যেন পুনৰ প্ৰমাণ কৰিলে অৰুণাচলৰ মুৰী লিংগীয়ে। বিবাহৰ পিছত ৪টা সন্তানৰ মাতৃ হোৱাৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব সূচাৰুৰূপে পালন কৰি নিজৰ সপোন পূৰণ কৰিলে বিবাহিতা লিংগীয়ে।

উল্লেখ্য যে, অৰুণাচলৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ মুৰী লিংগীয়ে মঙলবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত সফলতাৰে আৰোহণ কৰে। আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে এই গৰাকী মহিলাই জয় কৰিলে মাউণ্ট এভাৰেষ্ট। আনহাতে, মুৰী লিংগী হৈছে অৰণাচলৰ তৃতীয় গৰাকী এভাৰেষ্ট জয়ী কৰা মহিলা। ৪০ বছৰীয়া এই গৰাকী মহিলাৰ সফলতাত বৰ্তমান উৎফুল্লিত হৈ পৰিছে অৰুণাচলৰ লগতে উত্তৰ–পূৱবাসী।

সমগ্ৰ উত্তৰ–পূৱবাসীৰ লগতে কেন্দ্ৰীয় ৰাজ্য়িক গৃহ মন্ত্ৰীয়ে টুইটাৰ যোগে মুৰী লিংগীক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে,

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close