শেহতীয়া
Home / বিনোদন / কথমপি প্ৰাণ ৰক্ষা হেমা মালিনীৰ

কথমপি প্ৰাণ ৰক্ষা হেমা মালিনীৰ

নেচনেল  ডেস্ক, প্ৰথম খবৰ: উত্তৰ প্ৰদেশৰ মথুৰাত কালি  ধুমুহা আৰু মুষলধাৰ বৰষুণৰ ফলত বাগৰি পৰা গছৰ পৰা কথমপি ৰক্ষা পৰে হেমা মালিনী। ধুমুহাৰ সময়ত নিজ সমষ্টিত গাড়ীৰে গৈ থকা অৱস্থাত হেমা মালিনীৰ কনভয়ৰ সন্মুখত উভালি পৰে এডাল প্ৰকাণ্ড গছ। মথুৰাৰ মিঠাউলি গাৱঁত এখন জনসভাত তেওঁ অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ধুমুহা আৰু বজ্ৰপাতত কালি উত্তৰ প্ৰদেশত অতি কমেও ৪১ গৰাকী লোকৰ মৃত্যু হৈছে |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*