শেহতীয়া
Home / বিনোদন / কপিল শৰ্মাৰ বেয়া দিন

কপিল শৰ্মাৰ বেয়া দিন

নিউজ ডেস্ক, প্ৰথম খবৰ: কমেডি কিং কপিল শৰ্মা। কমেডি মানেই যেন কপিল মাথো কপিল। কিন্তু শেহতীয়াকৈ কপিলৰ ক্ষেত্ৰত এয়া একেবাৰে প্ৰযোজ্য হোৱা নাই। কাৰণ কপিল শৰ্মাৰ এতিয়া বেয়া দিন চলিছে। ‘কমেডিং নাইটছ্ উইথ কপিল’ৰ বিপুল সফলতাৰ পিছত শেহতীয়াকৈ কপিলে চ’নী টিভিত আৰম্ভ কৰিছিল তেওঁৰ নতুন অনুষ্ঠান ‘ফেমিলি টাইম উইথ কপিল’। কিন্তু অনুষ্ঠান সফল হোৱাটো দূৰৰ কথা, মাত্ৰ কেইটামান খণ্ড প্ৰচাৰ কৰিয়েই অনুষ্ঠানটি বাতিল কৰিবলগীয়া হয় চ’নী টিভিয়ে। যেন ডঃ মছুৰ গুলাটি অৰ্থাৎ সুনীল গ্ৰোভাৰৰ লগত বেয়া হোৱাৰ ফল পালে কপিলে। শেহতীয়াকৈ কপিলৰ এই অনুষ্ঠান ত্যাগ কৰিছে কপিলৰ মূখ্য সহযোগী নেহা পেডনছেই। যাৰে বাবে এতিয়া বিবুদ্ধিত পৰিছে কপিল। কিন্তু এই বিপদৰ সময়ত কপিলৰ লগত থিয় দিছে কপিলৰ পূৰ্বৰ অনুষ্ঠানৰ অন স্ক্ৰীন ৱাইফ সুমনা চক্ৰৱৰ্তীৰ লগতে সুগন্ধা মিশ্ৰা, আলী আছগৰ আৰু কিকু সাৰদা। তেওঁলোকৰ মতে, কপিলে শীঘ্ৰে এই অনুষ্ঠানলৈ প্ৰত্যাৱৰ্তন ঘটাব। উল্লেখ্য, কপিলৰ অহংকাৰী স্বভাৱৰ বাবে ইতিমধ্যে সহযোগী নেহা পেডনছে অনুষ্ঠান এৰি গৈছে। কিছুদিন পূৰ্বে, এগৰাকী ৰাষ্ট্ৰীয় সাংবাদিকক ভাবুকি প্ৰদান কৰি জনৰোষৰ বলিও হৈছিল কপিল। প্ৰাপ্ত খবৰ অনুসৰি, কপিলৰ এই মনোভাৱৰ বাবে তেওঁ বৰ্তমান কেবাখনো ছবি হেৰুৱাবলগীয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*