অসম

কমাৰগাওঁ বৰদিহিঙিয়াৰ যুৱ আদৰ্শ কৃষক কৰুণাকান্ত হাজৰিকা ভিয়েটনামলৈ ৰাওনা

প্ৰথম খবৰ,খুমটাই:বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাওঁ বৰদিহিঙিয়া গাওঁৰ যুৱ আদৰ্শ কৃষক তথা বোকাখাত প্ৰশাসনৰ পৰা দুবাৰকৈ শ্ৰেষ্ঠ কৃষকৰ সন্মান পোৱা কৰুণাকান্ত হাজৰিকা আজি ৰাজ্য চৰকাৰ পৃষ্ঠপোষকতাত অধিক উন্নত মানদণ্ডৰ কৃষিকৰ্মৰ জ্ঞান আহৰণৰ বাবে ভিয়েটনামলৈ বুলি ৰাওনা হৈছে। এই বৰ্ষত ৰাজ্যখনৰ ১৯ গৰাকী কৃষকক অসম চৰকাৰে নিৰ্বাচিত কৰি বিদেশৰ মাটিত কৃষি সম্পকীয় জ্ঞান আহৰন কৰিবলৈ সাত সাগৰ তেৰ নদী সিপাৰৰ কৃষি কৰ্মৰে উদ্ভাসিত হৈ বিশ্বত এক সুকীয়া আসন দখল কৰি থকা ভিয়েটনামলৈ যাত্ৰা কৰিব অসমৰ কৃষক দলটোৱে। যাৰ পৰিপেক্ষিতত আজি পুৱাই ভিয়েটনামলৈ যোৱা মানসেৰে গুৱাহাটীলৈ ৰাওনা হৈছে কমাৰগাওঁৰ যুৱ কৃষক গৰাকী। কালিলৈ পুৱাই বিশেষ বিমান যোগে কমাৰগাওঁৰ যুৱ কৃষক কৰুণাকান্ত হাজৰিকা(তাজ) লগতে কৃষিমন্ত্ৰী অতুল বৰা,ৰাজ্যখনৰ কেইবাজনো বিধায়ক আৰু ৰাজ্যখনৰ কৃষকৰ দলটো ৰাওনা হ’ব।

Related Articles

Leave a Reply

Close