যুৱশীৰ্ষ

কম পঢ়ি লাভ কৰা চাকৰি

 

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি কিমানলৈকে পঢ়িছে! যদি বেছি পঢ়া নাই, উচ্চ শিক্ষা লাভ কৰা নাই তথাপিও কোনো চিন্তাৰ কাৰণ নাই। কাৰণ শেহতীয়াকৈ এনে কিছু চাকৰি পোহৰলৈ আহিছে যিবোৰ আপুনি কম পঢ়িয়েই হয়তো লাভ কৰিব পাৰিব। আপুনি যদি উচ্চতৰ মাধ্যমিক পঢ়ি শিক্ষা জীৱন শেষ কৰিছে তেন্তে আপোনাৰ বাবে আছে এই চাকৰিৰ সুবিধা। আপুনি হ’ব পাৰে কমাৰ্চিয়েল পাইলট। যাৰ বাবে আপুনি কঠিন ট্ৰেইনিং ল’ব লাগিব। এই চাকৰিত কোনো ডিগ্ৰীৰ প্ৰয়োজন নহয়। যিকোনো বিমান প্ৰশিক্ষণ সংস্থাত প্ৰশিক্ষণ লৈ আপুনি পাইলট হ’ব পাৰে। আপোনাৰ বাবে আছে ফ্লাইট এটেনডেণ্টৰ সুবিধাও। বহুতে ভাবে এই চাকৰিৰ বাবে উচ্চ শিক্ষিত হোৱাৰ প্ৰয়োজন। কিন্তু উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰিলেই এই চাকৰি কৰিব পাৰে। মাথো প্ৰয়োজন ইংৰাজী আৰু হিন্দী কিছু পৰিমাণে জানিব লাগিব। এনেধৰণৰ কিছুসংখ্যক চাকৰিৰ ভিতৰত ৱেব ডেভল’পাৰ, ৰিয়েল ইষ্টেট ব্ৰোকাৰ, বাৰটেণ্ডাৰ অন্যতম।

Related Articles

Leave a Reply

Close